Wednesday, April 25, 2018

শান্তিৰ দিশত উত্তৰ পূৰ্বাঞ্চল



আজি বহুদিনৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক দেশৰ সন্ত্ৰাসবাদ জৰ্জৰিত আৰু অশান্ত এলেকা হিচাপে গণ্য কৰা হৈ আহিছে। সন্ত্ৰাসবাদীৰ দপদপনিৰ বাবেই জম্মু আৰু কাশ্মীৰৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সন্ত্ৰাসবাদী দমনৰ নামত সশ্ৰস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) বলবৎ হৈ আছে। সেনাবাহিনীক অপৰিসীম ক্ষমতা প্ৰদান কৰাৰ লগতে জোৱানসকলক সাধাৰণ মানুহৰ ওপৰত চলোৱা অত্যাচাৰ -আতিসহ্যৰ বাবে কোনো ধৰণৰ বিচাৰ বা তদন্তৰ আউটিৰ পৰা মুক্ত কৰি ৰখা এই আইনখনক ক’লা আইন বুলি কোৱা হয়। মণিপুৰত এই আইনখনৰ প্ৰত্যাহাৰৰ দাবীত লৌহ মানৱী ঈৰম শৰ্মিলাই ষোল্ল বছৰলৈ অসফল অনশন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত কেইবাটাও সন্ত্ৰাসবাদী সংগঠন তত্পৰ হৈ থকাৰ বাবে আৰু সঘনে হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এই আইনখন বহুবছৰ জুৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰত্যাহাৰ কৰিব পৰা হোৱা নাছিল।

যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এটা শলাগনীয় সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ষোল্লটা আৰক্ষী চকীৰ আঠটাৰ পৰা সশ্ৰস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিছে। উল্লেখ্যযে যোৱা ২৭ বছৰ জুৰি এই দুখত ৰাজ্যত এই আইনখন বলবৎ হৈ আছিল। ইয়াৰ আগতে ত্ৰিপুৰাৰ পৰাও এই আইনখন প্ৰত্যাহাৰ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই এই দুখন ৰাজ্যত সন্ত্ৰাসবাদী কাৰ্যকলাপ চকুত লগাকৈ হ্ৰাস পোৱাৰ কথাই সূচাইছে। মনকৰিবলগীয়াযে গৃহ মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো ৰাজ্যতে সন্ত্ৰাসবাদীৰ আক্ৰমণ পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। অসমত যোৱা দহবছৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সৰ্বনিম্ন স্তৰত উপনীত হৈছে। ২০১৬ চনৰ তুলনাত ২০১৭ চনত অসমত হিংসাত্মক কাৰ্যকলাপ ৫৬ শতাংশ হ্ৰাস পাইছে। সেইদৰে যোৱা বছৰত পূৰ্বৰ বছৰৰ তুলনাত নাগালেণ্ডত ৬৭%, মণিপুৰত ২৮% আৰু মেঘালয়ত ৫৯% হিংসাত্মক কাৰ্য হ্ৰাস পাইছে। কেৱল অৰুণাচল প্ৰদেশত পূৰ্বৰ বছৰৰ তুলনাত হিংসাত্মক কাৰ্য কিছু পৰিমাণে (২২%) বৃদ্ধি পাইছে। এই পৰিসংখ্যাই এটা কথা ষ্পষ্ট কৰিছেযে উত্তৰ পূৰ্বাঞ্চললৈ পুনৰ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। যোৱা আশী আৰু নব্বৈৰ দশকত আত্মপ্ৰকাশ কৰা আৰু এসময়ত অতি শক্তিশালী হৈ পৰা বহুতো সন্ত্ৰাসবাদী সংগঠন আজিৰ সময়ত নিশকতীয়া হৈ পৰিছে। সন্ত্ৰাসবাদী কাৰ্যৰ বলি হোৱা সাধাৰণ মানুহ আৰু সেনাবাহিনীৰ জোৱানৰ মৃত্যুৰ সংখ্যা বহুপৰিমাণে হ্ৰাস পাইছে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে এটা সুখৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ সময়ত এই অঞ্চলত যদি শান্তিৰ পৰিৱেশ বিৰাজ নকৰে, সমগ্ৰ উন্নয়নৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিব। ‘এডভাণ্টেজ আছাম’ৰ দৰে অনুস্থানৰ আয়োজন কৰি অসম চৰকাৰে ৰাজ্যখনলৈ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। সেইসময়ত অসমত সন্ত্ৰাসবাদজনিত হিংসাত্মক কাৰ্যৰ সংখ্যা নিম্নগামী হোৱাটোৱে ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে আশাৰ সঞ্চাৰ কৰিছে। লক্ষণীয়ভাৱে অসমৰ উন্নয়নৰ লগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নো জড়িত হৈ আছে। সেয়েহে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস হোৱাটো এটা অতি শুভলক্ষণ।

এপ্ৰিল মাহৰ পৰা অসমৰ গাতে লাগি থকা দুখন ৰাজ্যত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ হোৱাৰ বিপৰীতে যোৱা ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে সমগ্ৰ ৰাজ্যখনকে অশান্ত অঞ্চল (Disturbed Area) হিচাপে ঘোষণা কৰি অসমতে বলবৎ হৈ থকা এই আইনখনৰ ম্যাদ আৰু ছয় মাহলৈ বৃদ্ধি কৰিছিল। যিহেতু  শেহতীয়া গৃহ মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি অসমত সন্ত্ৰাসবাদজনিত হিংসা লক্ষণীয় হাৰত হ্ৰাস পাইছে, সেয়েহে অসম চৰকাৰে অনতিপলমে অসমৰ পৰাও এই ক’লা আইনখন প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। ত্ৰিপুৰা চৰকাৰৰ আৰ্হিত সন্ত্ৰাসবাদী কাৰ্য দমনৰ বাবে সশস্ত্ৰ বাহিনীক নিয়োগ কৰাৰ সলনি ৰাজ্যচৰকাৰৰ নিয়ন্ত্ৰণত থকা আৰক্ষী বিভাগক অধিক শক্তিশালী কৰাৰ চিন্তা-চৰ্চা কৰা উচিত। সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পোৱাৰ পাছতো এই আইনখনৰ জৰিয়তে সাধৰণ মানুহক ভীতিগ্ৰস্থ কৰি ৰখাটো গ্ৰহণযোগ্য নহয়।


Sunday, April 22, 2018

হিন্দু বাংলাদেশীয়ে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিব নেকি?


যিকোনো মানুহে এখন দেশৰ পৰা আন এখন দেশলৈ বৈধভাৱে যাবলৈ হলে দুয়োখন দেশৰ অনুমতি আৰু পাছপৰ্ট ভিছা আদি আনুসংগিক নথি পত্ৰৰ প্ৰয়োজন হয়। দেশ এখনত অবৈধ ভাৱে যাতে কোনো বিদেশী প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হয়, অহৰ্নিশে চোকা পহৰাৰ ব্যৱস্থা কৰা হয়। অবৈধ ভাৱে সোমোৱা বিদেশী লোকক শাস্তি দিয়াৰ বাবে বিশ্বৰ সকলো দেশতে কঠোৰ আইনী ব্যৱস্থা আছে। তদুপৰি বিশ্বৰ কোনো দেশতে সীমান্তৰে অবৈধভাৱে বিদেশীৰ আগমণ কেতিয়াও সহ্য কৰা নহয়। সেয়েহে সীমান্তত বৰ্হি শক্তিৰ আক্ৰমণ আৰু অনুপ্ৰৱেশৰ পৰা দেশখনক কৰিবলৈ সেনা বাহিনী আৰু সীমা সুৰক্ষা বাহিনী সদায় সষ্টম হৈ থাকে। অবৈধভাৱে অনুপ্ৰৱেশ কৰা বিদেশীক আইন প্ৰনয়ণ কৰি নাগৰিকত্ব প্ৰদান কৰিবলৈ দেশৰ চৰকাৰ তত্পৰ হোৱাটো সমগ্ৰ বিশ্বতে বিৰল ঘটনা।
এখন স্বাধীন দেশৰ কোনো সচেতন নাগৰিকে নিজৰ দেশ বা ৰাজ্যখনত বিদেশীৰ উপস্থিতি নিবিচাৰে, লাগিলে সেই বিদেশীসকল যি ধৰ্মৰে বা যি জাত পাতৰে নহওক কিয়। অভিধান মতেও বিদেশী শব্দটোৰ অৰ্থত কোনো ধৰ্মীয় ব্যাখ্যাৰ স্থান নাই। বিশ্বৰ কোনো দেশতে হয়তো বিদেশী সম্পৰ্কীয় আইন কানুনত কেতিয়াও ধৰ্মৰ কথা নাথাকে। দেশ এখনৰ বিদেশী সম্পৰ্কীয় সকলো নীতি নিয়মযে ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধত হোৱা উচিত সেই কথা সাধাৰণ মানুহেও বুজি পায়।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নাগৰিকত্ব আইনত ধৰ্মৰ প্ৰলেপ সানিব বিচাৰিছে। চৰকাৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্থানৰ পৰা অহা অমুছলমান (হিন্দু, খ্ৰিষ্টিয়ান, বৌদ্ধ, জৈন, শিখ আৰু পাৰ্চী) বিদেশী লোকসকলৰ ৰক্ষণাবেক্ষণ আৰু পৰৱৰ্তী সময়ত নাগৰিকত্ব প্ৰদানৰ বাবে এখন সুকীয়া আইন প্ৰনয়ণৰ গুণাগঁথা কৰিছে। নিজ দেশত ধৰ্মীয় ভাৱে আতিসহ্যৰ বলি হোৱা ছয়টা বিভিন্ন ধৰ্মৰ বিদেশী লোকক ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ বাবে ভাৰতৰ নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক, ২০১৬ সংসদত উত্থাপন কৰা হৈছে। স্বাধীন ভাৰতত হয়তো পোন প্ৰথমবাৰৰ বাবে এখন গুৰুত্বপূৰ্ণ আইনত ধৰ্মীয় দৃষ্টিকোণে মুখ্য  ভূমিকা লৈছে কেৱল ধৰ্মৰ পৰিচয়তে এচাম লোকক কোনো বৈধ নথি পত্ৰ নাথাকিলেও ভাৰতৰ নাগৰিকত্ব দিবলৈ বিচৰা হৈছে আৰু আন এচাম লোকক নাগৰিকত্বৰ দাবীৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে। অনুপ্ৰৱেশকাৰীয়ে নাগৰিকত্ব লাভ কৰাৰ বাবে ভাৰতত বাস কৰিবলৈ প্ৰয়োজন হোৱা সময় ১১ বছৰৰ পৰা ৬ বছৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
স্বাভাৱিকতে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বিশেষ ধৰ্মাৱলম্বী বিদেশীৰ সুবিধাৰ বাবে সংবিধান সংশোধন কৰিবলৈ চৰকাৰে কুচকাৱাজ চলোৱাটো আন্তৰ্জাতিক মহলতো দৃষ্টিকটু হৈ পৰিছে।  ইতিমধ্যে চৰকাৰে উত্থাপন কৰা এই নাগৰিকত্ব সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে। সংসদত উত্থাপন কৰাৰ পিছতে এই বিধেয়কখনে বিৰোধী পক্ষৰ প্ৰবল বিৰোধিতাৰ সন্মুখীন হৈছে। চৰকাৰে বিধেয়কখনৰ ওপৰত সিদ্ধান্ত লবলৈ যুটীয়া সংসদীয় সমিতিৰ গঠন কৰিবলগীয়া হৈছে এই সমিতিখনে বিভিন্ন পক্ষৰ মতামত গ্ৰহণ আৰু ৰাজহুৱা শুনানিৰ আৰম্ভ কৰিছে। এই বিধেয়ক খনৰ সপক্ষে আৰু বিপক্ষে থকা বিভিন্ন দল-সংগঠন, অনুস্থান-প্ৰতিস্থানে ইতিমধ্যে সমিতিৰ আগত মতামত ব্যক্ত কৰিছে বুলি জানিব পৰা গৈছে। এই বিধেয়কখনৰ বিপক্ষে মত পোষণ নকৰাৰ বাবে অসমৰ সত্ৰ মহাসভা ইতিমধ্যে ৰাইজৰ ৰোষত পৰিছে।
দীৰ্ঘকাল ধৰি বিদেশী সমস্যাটোৰ সৈতে যুঁজি থকা অসমীয়া মানুহে স্বাভাৱিকতে ধৰ্মৰ ভিত্তিত এচাম বিদেশী নাগৰিকক অসমত সংস্থাপন দিয়াটো সহজভাৱে লব পৰা নাই। অসমে ইতিমধ্যে অসম চুক্তিৰ মৰ্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা হিন্দু, মুছলমান মিলি আনুমানিক প্ৰায় ৭৫ লাখ বিদেশীৰ বোজা গ্ৰহণ কৰিছে। মনকৰিবলগীয়াযে, ভাৰতৰ নাগৰিকত্ব আইন অনুসৰি ১৯৫১ চনৰ পাছত অহা সকলো মানুহ বিদেশী, কিন্তু অসম চুক্তিৰ বাবে ১৯৭১ চনলৈ অসমত থকা সকলো বহিৰাগত এই দেশৰ নাগৰিক। অসম চুক্তিত ১৯৭১ চনৰ পাছত অহা সকলো বিদেশীৰ বহিষ্কৰণৰ চৰ্ততহে ১৯৭১ চনলৈ অহা বিদেশীসকলকো নাগৰিক বুলি মানি লোৱা হৈছিল। সাধাৰণ অসমীয়া মানুহে এতিয়াও আশা পালি আছে যে এদিন নহয় এদিন ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী টালি-টোপোলা বান্ধি অসমৰ পৰা যাবগৈ। কিন্তু মানৱতাৰ খাতিৰত(?)’ এচাম বিদেশীক নাগৰিকত্ব দিবলৈ হলে অসমত বাস কৰা অবৈধ অমুছলমান বাংলাদেশী সকল ৰাতিটোৰ ভিতৰতে ভাৰতীয় নাগৰিক হৈ পৰিব। বিশেষকৈ বাংলাভাষী হিন্দু সকলক এইদৰে নাগৰিকত্ব দিলে অসমত অসমীয়া ভাষা - সংস্কৃতিলৈ অস্তিত্বৰ সংকট আহি পৰিব বুলি অসমৰ বহুতো মানুহ শংকিত হৈ পৰিছে।
এই কথা সকলোৱে জানে যে, স্বাধীনতাৰ বহু আগৰে পৰা, বিশেষকৈ অবিভাজিত ভাৰতৰ পূৰ্ব বংগৰ (এতিয়াৰ বাংলাদেশ) পৰা অসমৰ বুকুলৈ হোৱা মানুহৰ প্ৰৱজন আজিয়ো চলি আহিছে। ইতিমধ্যে অসমৰ ১১ খন জিলাৰ জনগাথঁনি পূৰ্ব বংগ বা বাংলাদেশৰ পৰা অহা মানুহে সম্পূৰ্ণৰূপে সলনি কৰি দিছে। পূৰ্বৰ চৰকাৰবোৰে উদাৰভাৱে প্ৰৱজিত মানুহবোৰক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ ফলত আজিৰ সময়ত  তেওঁলোক ৰাজনৈতিক শক্তিত পৰিণত হৈছে। দেশৰ ভিতৰতে অভূতপূৰ্ব হাৰত অসমত জনসংখ্যা বিষ্ফোৰণ হৈছে। পৰিসংখ্যা অনুসৰি অসমত মুছলমানৰ সংখ্যা অবিশ্বাস্য হাৰত বাঢ়িছে, অথচ যোৱা কেইবাটাও লোকপিয়লত অসমীয়া ভাষী লোকৰ সংখ্যা দ্ৰুত হাৰত কমি আহিছে। এইখিনিতে মন কৰিবলগীয়া কথা হ, একাংশ পূৰ্ববংগীয় মূলৰ মুছলমানে অসমীয়া ভাষাটো গ্ৰহণ কৰি লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় নিদিলে অসমীয়া ভাষী অসমত কেতিয়াবাই সংখ্যালঘু হৈ পৰিলহেতেন। ২০১১ চনৰ ভাষা ভিত্তিক লোকপিয়লৰ তথ্য প্ৰকাশ হলে অসমত অসমীয়া মানুহ ইতিমধ্যে সংখ্যালঘু হৈ পৰাটো তথ্য সহকাৰে প্ৰমাণিত হব বুলি আশংকা ঘনীভূত হৈছে এনে সময়ত একাংশ হাড়ে হিমজুৱে বাংলাভাষী লোকক নাগৰিকত্ব প্ৰদান কৰিলে অসমীয়া মানুহৰ সৰ্বনাশ হব বুলি বিভিন্ন মহলে প্ৰচাৰ চলাইছে
অসমীয়া হিচাপে আমি সকলোৱে আমাৰ ৰাজ্যখন বিদেশীমুক্ত হোৱাটো বিচাৰোঁ। অসমত অসমীয়া ভাষা সংখ্যাগুৰু হৈ থকাটোৱেই বিচাৰোঁ। কিন্তু দুখৰ কথা যে বিদেশী আৰু বাংলাদেশী এই দুটা বিষয়ক লৈ অসমত দীৰ্ঘদিন ধৰি ৰাজনীতি চলি আছে। ইয়াৰে শেহতীয়া সংযোজন হল হিন্দু বাংলাদেশীক লৈ কৰা ৰাজনীতি। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমৰ, বিশেষকৈ বৰাক উপত্যকাৰ বঙালী হিন্দুৰ সমৰ্থন লাভ কৰাটো অসমৰ ৰাজপাত দখলৰ তুৰুপৰ তাচ বুলি বিবেচিত হৈছে। অপ্ৰিয় হলেও সত্য যে, জাত্যাভিমানী অসমীয়াই অসমত অসমীয়া ভাষাৰ প্ৰভূত্ব বাহাল থকাটো বিচাৰে যদিও যোৱা কেইবাটাও লোকপিয়লত  অসমত অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সেয়েহে কেৱল অসমীয়া মানুহৰ জাতীয়তাবাদী আবেগেৰে অসমত নিৰ্বাচনী ৰণ জিকিব নোৱাৰি বুলি ৰাজনৈতিক দল সংগঠন সমূহ পতিয়ন গৈছে। লোকসভা নিৰ্বাচনৰ আগতে কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টী এই দুয়োটা বৃহৎ ৰাজনৈতিক দলেই ধৰ্মীয় ভাৱে নিৰ্যাতিত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ মূল কাৰণ আছিল অসমত অধিকাংশ বাংলাদেশী মূলৰ হিন্দুৰ বসতিস্থল বৰাক উপত্যকাৰ হিন্দু বাঙালীৰ সমৰ্থন আৰু ভোটৰ অংক। আনহাতে পূৰ্ববংগীয় মুছলমান সকলে সুকীয়া ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাত কিছুমান ৰাজনৈতিক দলৰ পৰম্পৰাগত ভোট বেংকত খহনীয়া আৰম্ভ হৈছে। সেয়েহে বাংলাদেশীক ধৰ্মৰ আধাৰত বিভাজিত কৰি একাংশ মানুহক নিজৰ ফলীয়া কৰিবলৈ বিভিন্ন মতাদৰ্শৰ ৰাজনৈতিক দলৰ টনা আজোঁৰা চলি আছে।
আন এটা মন কৰিবলগীয়া কথা হ, অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰি অসমক বাংলাদেশৰ লগত চামিল কৰাৰ ষড়যন্ত্ৰ বহুত পুৰণি। আমি পাহৰি গ’লে নহ’বযে দেশৰ বিভাজন ধৰ্মৰ আধাৰত হৈছিল আৰু অসমক মুছলমানপ্ৰধান পূব পাকিস্তানৰ লগত চামিল কৰিবলৈ ৰাজনৈতিক ষড়যন্ত্ৰও চলিছিল। বাংলাদেশ আৰু অসমক সাঙুৰি ইছলামিস্তান নামৰ এখন ইছলাম ধৰ্মীয় ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনাও মৌলবাদী সংগঠনসমূহৰ এতিয়াও আছে বুলি মাজে সময়ে শুনিবলৈ পোৱা যায়। বাংলাদেশৰ মৌলবাদী সন্ত্ৰাসবাদী সংগঠন সমূহৰ নেটৱৰ্ক অসমত ধৰা পৰিছে। সেইদৰে নামনি অসমৰ বিভিন্ন অঞ্চলত জেহাদীৰ তত্পৰতা বৃদ্ধি পাইছে আৰু কেইবাজনো জেহাদী গ্ৰেপ্তাৰ হৈছে। কাশ্মীৰৰ কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী সংগঠনতো অসমৰ যুৱক থকাটো নিশ্চিত হৈছে। অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হোৱাৰ আঁৰত সংখ্যাবৃদ্ধিৰে ৰাজনৈতিক ক্ষমতা দখল কৰি অসমক এখন মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰৰ অভিযোগ আওকাণ কৰিব নোৱাৰি। অসমৰ সত্ৰৰ মাটি, বনাঞ্চল আৰু চৰকাৰী মাটিত বাংলাদেশী মূলৰ মুছলমানৰ বেদখল অসমীয়া মানুহৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে। এই কাৰণতে হিন্দুৰ সংখ্যা বৃদ্ধিৰ স্বাৰ্থত বাংলাদেশী হিন্দুক নাগৰিকত্ব দিয়াটো প্ৰয়োজনীয় বুলি একাংশ ৰাজনৈতিক দলে যুক্তি প্ৰদৰ্শন কৰিছে। অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ মৌলিক কাৰণ সমূহলৈ পিঠি দি কেৱল আমদানিকৃত হিন্দুৰ সংখ্যা বৃদ্ধি কৰাটো সমাধান সূত্ৰ হব নোৱাৰে। জনগাঁথনিৰ পৰিৱৰ্তন ৰোধ কৰিবলৈ চৰ চাপৰিত বাস কৰা অতি দৰিদ্ৰ, শিক্ষা স্বাস্থ্য সেৱাৰ সুবিধা নোপোৱা মানুহখিনিৰ সামগ্ৰিক উন্নয়ন আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা হাতত লোৱাটোহে মূল লক্ষ হোৱা উচিত। এতিয়া প্ৰৱজনতকৈ অভিবাসী মুছলমানৰ জনসংখ্যা বিষ্ফোৰণহে অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে শংকাৰ কাৰণ হৈ পৰিছে।
এইখিনিতে মনলৈ অহা প্ৰশ্ন কেইটামান হ'
১) কেৱল ধৰ্মৰ আধাৰত এচাম লোকক কোনো নথি পত্ৰ নোহোৱাকৈ, ধৰ্মীয় উত্পীড়নৰ বলি হোৱাৰ কোনো প্ৰমাণ নোহোৱাকৈ নাগৰিকত্ব প্ৰদান কৰাটো দেশৰ সুৰক্ষাৰ বাবেই ভয়ংকৰ কথা নহয়নে? আন এখন দেশৰ চোৰ, ডকাইত, হত্যাকাৰী, ধৰ্ষণকাৰী, পলাতক আচামী আদিয়েও ভাৰতত প্ৰৱেশ কৰি কেৱল ধৰ্মৰ নামত ভাৰতীয় নাগৰিক হৈ পৰাটো গ্ৰহণযোগ্যনে? সেইদৰে এচাম মানুহে ধৰ্ম পৰিৱৰ্তন কৰি নাগৰিকত্বৰ সুবিধা লোৱাৰ বাট মুকলি নহবনে? ধৰ্মীয় উত্পীড়নৰ বলি নোহোৱাকৈয়ে ভাৰতৰ নাগৰিকত্ব লাভ কৰিবলৈ বাংলাদেশী হিন্দুৰ সোঁত আৰম্ভ নহ’ব বুলি ন দি ক’ব পৰা যায়নে?
২) অসমত থকা অমুছলমান বাংলাদেশীক নাগৰিকত্ব দিলে বিদেশী বুলি চিনাক্ত হ’লেও কেৱল মুছলমান বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰাটো সম্ভৱ হবনে? কেৱল মুছলমান বিদেশীক বহিষ্কৰণ কৰাটো আন্তৰ্জাতিক মহলত ধৰ্মীয় উত্পীড়ন বুলি বিবেচিত নহ’বনে? এই কাৰ্যত ইছলাম ধৰ্মীয় ৰাষ্ট্ৰসমূহ জাঙুৰ খাই নুঠিবনে? ইছলাম ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠনসমূহে অসমত ভয়ংকৰ আক্ৰমণ চলোৱাৰ সম্ভাৱনা নুই কৰিব পাৰিনে? তদুপৰি কেৱল হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে অসমীয়া মানুহে ছয় বছৰীয়া আন্দোলনৰ ফলশ্ৰুতিত লাভ কৰা অসম চুক্তিখনেই অপ্ৰাসংগিক হৈ নপৰিবনে?
৩) নাগৰিকত্ব পোৱাৰ পাছত অসমৰ নাগৰিক হৈ পৰা হিন্দু বাংলাদেশী সকলে কেতিয়াবা অসমৰ ভাষা-সংস্কৃতিলৈ আনুগত্য প্ৰদৰ্শন কৰিবনে? তেওঁলোকে ব্যৱহাৰিক ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰি নিজকে অসমীয়া বুলি পৰিচয় দিবনে? হিন্দু বাঙালী সকলে বাংলা ভাষা-সংস্কৃতিকলৈ গৌৰৱবোধ কৰে আৰু তেওঁলোকৰ একাংশই এতিয়াও অসমীয়া ভাষা-সংস্কৃতি বাংলা ভাষা সংস্কৃতিতকৈ বহুত পিছপৰা বুলি গণ্য কৰে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানে অসমীয়া মানুহৰ কিবা জাতীয় স্বাৰ্থ পূৰণ কৰিবনে?
৪) হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে নিজৰ ভাষা-সংস্কৃতি বিসৰ্জন দি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া মূলসুঁতিত বিলীন হবলৈ আৰম্ভ কৰা অসমৰ পূৰ্ববংগীয় মূলৰ অভিবাসী মুছলমানসকললৈ এটা ভুল সংকেত নাযাবনে? এইটো কাৰণতে নিজকে অসমীয়া বুলি পৰিচয় দি অহা অভিবাসী মুছলমানসকলে যদি অসমীয়া মূলসুঁতিৰ পৰা আঁতৰি যায়, সেয়া অসমীয়া ভাষাৰ বাবে চৰম পৰিতাপ আৰু বিপৰ্যয়ৰ কথা নহবনে?
৫) এচাম বাংলাদেশীয়ে অসমীয়া সংস্কৃতি ৰক্ষা কৰিব আৰু আন এচাম বাংলাদেশীয়ে অসমীয়া ভাষা ৰক্ষা কৰিব বুলি সুবিধাবাদী সকলে প্ৰচাৰ চলাই আছে। অসমীয়া ভাষা বা অসমীয়া জাতি - সংস্কৃতি কেৱল বাংলাদেশীৰ ওপৰতে নিৰ্ভৰশীল নেকি? আনৰ ওপৰত ভৰসা কৰি অসমীয়া ভাষা বা সংস্কৃতি এটাও যে বেছিদিন টিকি থাকিব নোৱাৰে। অসমীয়াই যদি নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে বাংলাদেশীৰ ওপৰতে নিৰ্ভৰশীল হব লাগে, তেনেহলে অসমীয়াৰ দৰে দুৰ্ভগীয়া জাতি এই পৃথিৱীত হয়তো দ্বিতীয় এটা নাই
৬) কিছুমান ব্যক্তি, বুদ্ধিজীৱি আৰু সংগঠনে (তাৰ মাজত তথাকথিত জাতীয় সংগঠনো আছে) মতপ্ৰকাশ কৰিছে যে ধৰ্মীয় উত্পীড়নৰ বলি হৈ ভাৰতলৈ অহা বিভিন্ন লোকক মানৱতাৰ খাতিৰত আন ৰাজ্যত আশ্ৰয় দিব পাৰে, কিন্তু অসমত সংস্থাপিত কৰিব নালাগে। এনে ধৰণৰ আজৱ কথা সম্ভৱ হব পাৰেনে? অসমত জীৱিকা অৰ্জন কৰি পা-পৰিয়াল লৈ বাস কৰি থকা লোক এজনে নাগৰিকত্ব পোৱাৰ পাছত নিজৰ সা-সম্পত্তি এৰি আন ৰাজ্যত সংস্থাপিত হ'বলৈ যাবনে? 'লেও তেওঁ আকৌ ঘূৰি আহিব নোৱৰাৰ কিবা ব্যৱস্থা আছেনে?
৭) কোনোবা ৰাজনৈতিক দলে ৰাজনৈতিক স্বাৰ্থৰ উৰ্দ্ধলৈ গৈ অসমৰ বাংলাদেশী নাগৰিকৰ সমস্যাৰ আশু সমাধান বিচাৰেনে? আজিলৈকে কোনো এখন চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত বিদেশী প্ৰত্যাৰ্পনৰ চুক্তিৰ কথাই নাপাতিলে, অথচ এতিয়াও অসম চুক্তিৰ আধাৰত বাংলাদেশীয়ে টালি টোপোলা বান্ধি ওলাই যাব লাগিব বুলি জাতীয়তাবাদী ভাষণৰ ফুলজাৰি মাৰি থকা হয়। তিনি দশক জুৰি চলি থকা অসম চুক্তিক লৈ সাধাৰণ মানুহক আভুৱা ভৰা ৰাজনৈতিক চল চাতুৰিৰ কেতিয়াবা ওৰ পৰিবনে?
৮) অসমীয়া মানুহক অসমতে সংখ্যালঘু হোৱাৰ পৰা ৰক্ষা কৰাৰ কিবা উপায় আছেনে? হিন্দু বাংলাদেশী থাকক বা নাথাকক অসমীয়া মানুহৰ সংখ্যা যে অসমত আন কিছুমান সম্প্ৰদায়ৰ তুলনাত দ্ৰুতগতিত কমি গৈছে সেই কথা আৰু লুকাই আছেনে? অসমীয়া মানুহৰ লৰা ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়া শুনা নকৰা বাবে বহুতো চৰকাৰী বিদ্যালয় বন্ধ কৰি দিবলগীয়া হৈছে। উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ অসমীয়া মানুহৰ উঠি অহা প্ৰজন্মৰ সৰহভাগেই অসমীয়া ভাষা - সংস্কৃতিৰ প্ৰতি বীতশ্ৰদ্ধ হোৱাটো চৰম দুৰ্ভাগ্যৰ কথা নহয়নে? হিন্দু বাংলাদেশীক নাগৰিকত্ব নিদিলেই অসমীয়া ভাষা - সংস্কৃতি ৰক্ষা পৰিবনে?
৯) বাংলাদেশী ইছ্যুটোক লৈ আৰু কিমানদিন ৰাজনীতিৰ ভোজ-ভাত চলি থাকিব? এই বিষয়টোৰ ওপৰত চলি থকা আবেগৰ ৰাজনীতিয়ে অসমৰ মূল সমস্যা সমূহ আঁৰ কৰি ৰখা নাইনে?  অসমৰ ভূমি, জীৱিকা আৰু ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়া মানুহৰ পৰা কোনে কেনেকৈ কাঢ়ি লৈ গৈ আছে সেই কথা আৰু কাৰোবাক বুজাই ক'ব লাগিবনে? বানপানী, নিবনুৱা সমস্যা আদিতকৈও কোনো সমাধান নোহোৱা বাংলাদেশী সমস্যাটোহে ডাঙৰ সমস্যা নেকি?
১০) আজিলৈকে ভাৰত- বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিবলৈ সক্ষম হোৱা নাই কিয়? দেশত থকা হিন্দু বাংলাদেশীক মানৱীয়তাৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰিবলৈ হ’লে ভৱিষ্যতে এজনো বাংলাদেশী অবৈধভাৱে প্ৰৱেশ কৰিব নোৱৰাটো পূৰ্বচৰ্ত হ’ব লাগিব। এই বিষয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক নিমাত কিয়?
চুবুৰীয়া দেশৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘুক ভাৰতত আশ্ৰয় দিয়াটো মানবীয়তাৰ দৃষ্টিকোণৰ পৰা উচিত সিদ্ধান্ত হব পাৰে। কিন্তু হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাটো অসমৰ সৰহভাগ মানুহে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। সেয়েহে অসমৰ মানুহৰ সংশয় আঁতৰ কৰাটো নিৰ্বাচিত চৰকাৰখনৰ এটা দায়িত্ব। অসম চুক্তিৰ জৰিয়তে ইতিমধ্যে ১৯৭১ চনলৈ অসমলৈ অহা বুজন সংখ্যক বাংলাদেশীৰ বোজা মূৰ পাতি লোৱা অসমক অতিৰিক্তভাৱে হিন্দু বাংলাদেশীৰ বোজা জাপি দিয়াটো অনুচিত। অসমত যিহেতু অসম চুক্তি অনুসৰি ১৯৭১ চনৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম প্ৰায় শেষ পৰ্যায়ত আছে, সেয়েহে নতুনকৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে সমগ্ৰ প্ৰচেষ্টাটোৱেই বিফল হ’বগৈ। ভাৰতৰ আন ৰাজ্যসমূহত থকা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিলেও অসমত এয়া হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ অনুকূল সময় নহয়। অসমত থকা অবৈধ বাংলাদেশী সকলক নাগৰিকত্ব নিদিয়াকৈ কেৱল অসমত কাম কৰি জীৱিকা অৰ্জনৰ বাবে  অনুমতি পত্ৰ বা ৱৰ্ক পাৰ্মিট প্ৰদান কৰাৰ ব্যৱস্থাহে কৰিব লাগে। হিন্দুৱেই বা মুছলমানেই হওক কোনো  অবৈধ বিদেশীয়েই যাতে অসমৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ দখল কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটোহে আজিৰ সময়ত বেছি প্ৰয়োজনীয় হৈ পৰিছে।

(প্ৰকাশিত মতামত লেখকৰ সম্পূৰ্ণ নিজৰ। মতামতৰ লগত পদবী আৰু কৰ্মস্থানৰ কোনো সম্পৰ্ক নাই।)


Tuesday, April 10, 2018

উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ উত্থান



উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ চমকপ্ৰদ উত্থানে দেশৰ ৰাজনীতিত খলকনি তুলিছে। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ আঠ খনৰ ভিতৰত সাত খনেই বিজেপি বা তেওঁলোকৰ মিত্ৰদলৰ দখলত। এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় আটাইকেইখন ৰাজ্যতে পৰম পৰাক্ৰমেৰে ৰাজত্ব কৰা কংগ্ৰেছ দল এতিয়া বিধ্বস্ত, প্ৰায় ধূলিস্যাৎ হৈ পৰিছে। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত নাগালেণ্ড আৰু ত্ৰিপুৰাত কংগ্ৰেছ দলে এখনো আসন জয় কৰিবলৈ সক্ষম নহ’ল।

বিজেপিৰ এই উত্থান কেৱল নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ভাষণ বা হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী ৰাজনীতিৰ দ্বাৰাই সম্ভৱ হোৱা নাই। শাসনভাৰ লোৱাৰে পৰা মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক দিয়া বিশেষ গুৰুত্বৰ প্ৰভাৱ এতিয়া নিৰ্বাচনী ফলাফলত পৰিলক্ষিত হৈছে। উল্লেখ্যযে, ‘এক্ট ইষ্ট’ পলিচিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ আন্ত: গাঁথনি উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বাট-পথ আৰু ৰেলপথৰ আন্ত:গাঁথনিৰ উন্নতিৰ বাবে কেইবাটাও প্ৰকল্পৰ ঘোষণা কৰা হৈছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাক ব্ৰডগজ ৰেলেপেথেৰে সংযোগ কৰা হৈছে। সেইদৰে কোহিমা, ইম্ফল, ছিলং আৰু আইজলকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানী চহৰকে ৰেলপথেৰে সংযোগ কৰাৰ বাবে প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। বাংলাদেশৰ মাজেতি আগৰতলাৰ পৰা ছিটাগং বন্দৰলৈ ৰেলপথ নিৰ্মাণ কৰিবলৈ বাংলাদেশ চৰকাৰৰ লগত চুক্তি কৰা হৈছে। এই ৰেলপথৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক সুলভ বাণিজ্যিক পথ মুকলি হ’ব।

মোদী চৰকাৰৰ ঘোষিত “Transformation by Transportation” নীতিৰে উত্তৰ পূৰ্বাঞ্চলৰ পথ আৰু ৰেল সংযোগ উন্নত কৰাৰ কাম আৰম্ভ হৈছে। যোৱা তিনি বছৰত উত্তৰ পূৰ্বাঞ্চলত ৩২০০০ টকা ব্যয়েৰে ৩৮০০ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ প্ৰকল্পত অনুমোদন হৈছে। ইতিমধ্যে প্ৰায় ১২০০ কিল’মিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও মোদী চৰকাৰে পথ নিৰ্মাণ আৰু উন্নয়নত ৬০ হাজাৰ কোটি টকা আৰু ভাৰতমালা প্ৰকল্পৰ অধীনত অতিৰিক্ত ৩০ হাজাৰ কোটি টকাৰ অনুমোদন কৰিছে। মন কৰিবলগীয়া যে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ উত্তৰ পূব পৰিষদৰ অধীনত উন্নয়নমূলক প্ৰকল্পৰ সংখ্যা ৫৬ ৰ পৰা ১৩৮ লৈ আৰু বাৰ্ষিক বাজেট ৫৭৯ কোটি টকাৰ পৰা ৯৬৯ কোটি টকালৈ বৃদ্ধি পাইছে। সেইদৰে উত্তৰ পূৰ্বাঞ্চলৰ বিমান ঘাটি সমূহৰ উন্নয়নৰ বাবেও বৃহৎ পৰিমাণৰ ধন ধাৰ্য কৰা হৈছে। গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰক উত্তৰ পূৰ্বাঞ্চলৰ বিমান পৰিবহনৰ কেন্দ্ৰবিন্দু আৰু ৯ খন আছিয়ান দেশৰ সৈতে ভাৰতৰ সংযোগ কেন্দ্ৰ স্বৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰা হৈছে। ত্ৰিপুৰাৰ আগৰতলা বিমান বন্দৰক আন্তৰ্জাতিক বিমান বন্দৰলৈ উন্নীত কৰাৰ বাবে ৫০০ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। সেইদৰে ইটানগৰত বিমান কোঠ নিৰ্মান আৰম্ভ হৈছে। ছিলং, তেজু, আলং, পাছিঘাট, টাৱাং, তুৰা, জিৰো, ধুবুৰী আদিত থকা বিমানকোঠ সমূহৰ উন্নয়ন আৰু পৰিবৰ্ধনৰ কাম হাতত লোৱা হৈছে। চৰকাৰে উড়ান আচনিৰ জৰিয়তে গুৱাহাটীক কেন্দ্ৰ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো চহৰলৈ বিমান সেৱা আৰম্ভ কৰাৰ যো-জা কৰিছে।

আনহাতে পশ্চিমবংগৰ কলিকতা আৰু হালদিয়া বন্দৰৰ লগত অসমৰ পাণ্ডু, কৰিমগঞ্জ আৰু শিলঘাটক জলপথেৰে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। জাহাজ চলাৰ সুবিধা হোৱাকৈ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ খননৰ আচনি লোৱা হৈছে। তদুপৰি অসমৰ আই, বৰাক, দিহিং, ধনশিৰি, বেকী আদি নদীকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ১৯ খন  নদীত জলপথ উন্নয়নৰ দিহা কৰা হৈছে।

মন কৰিবলগীয়াযে, পূৰ্বতে কোনো চৰকাৰৰ দিনতে উত্তৰ পূৰ্বাঞ্চলে ইমান গুৰুত্ব পোৱা নাছিল।  উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে লোৱা মোদী চৰকাৰৰ প্ৰচেষ্টাই ৰাইজক নিশ্চয়কৈ আকৰ্ষিত কৰিছে। সেয়েহে এই অঞ্চলৰ মানুহে বিজেপি চৰকাৰৰ জৰিয়তে উন্নয়নৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। বিজেপি নেতৃত্বাধীন অসমত হৈ যোৱা এডভাণ্টেজ আছামত প্ৰায় এক লাখ কোটি টকা বিনিয়োগৰ সম্ভাৱনাৰ বাতৰিয়ে মানুহক আকৰ্ষিত কৰিছে। মানুহৰ মাজত সৃষ্টি হোৱা এই আকৰ্ষণ হয়তো বিজেপিৰ উত্থানৰ অন্যতম কাৰণ।

ষ্টিফেন হকিং: বিপৰ্যয়ৰ পৰা বিজয়লৈ



বিশ্ববিদ্যালয় আৰু গৱেষণাগাৰৰ পৰিধি নেওচি সাধাৰণ মানুহৰ হৃদয় ষ্পৰ্শ কৰা বিশ্বৰ তিনিজন বৈজ্ঞানিকৰ নাম ল’বলগীয়া হ’লে আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ পিছতে নি:সন্দেহে আহিব ষ্টিফেন হকিঙৰ নাম। মানুহৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ লগতে পৃথিৱী আৰু অন্তৰীক্ষৰ বিষয়ে সাধাৰণ মানুহক কৌতূহলী কৰি তোলাত ষ্টিফেন হকিঙৰ সমকক্ষ কোনো নাই। ১৯৮৮ চনত প্ৰকাশিত তেওঁৰ “A Brief History of Time” নামৰ কিতাপখনে বিশ্বজুৰি কিতাপ বিক্ৰীৰ অভিলেখ গঢ়িছে। বিজ্ঞানক সহজ সৰল ভাষাৰে মানুহৰ মাজলৈ লৈ যোৱাত আজিৰ সময়ত তেওঁৰ তুলনা নাই। অথচ এই মহান বৈজ্ঞানিকজনে জীৱনৰ অধিকাংশ সময় হাত ভৰি আৰু শৰীৰৰ অংগ প্ৰত্যংগ লৰচৰ কৰিব নোৱাৰি হুইল ছেয়াৰত বহি কটাইছিল।

১৯৬২ চনত মাত্ৰ বাইছ বছৰ বয়সতে Amyotropic Lateral Sclerosis (ALS)  নামৰ এক দুৰাৰোগ্য ব্যাধিৰ দ্বাৰা তেওঁ আক্ৰান্ত হৈছিল। এই বেমাৰটোৰ কাৰণে লাহে লাহে তেওঁ এটা এটাকৈ শৰীৰৰ অংগ প্ৰত্যংগ লৰচৰ কৰিব নোৱৰা হৈছিল। সেইসময়ত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অন্তৰীক্ষ বিজ্ঞানৰ ছাত্ৰ আৰু গৱেষক আছিল। তেওঁৰ বেমাৰটোৰ কাৰণে ডাক্তৰে তেওঁক মাত্ৰ দুবছৰমান জীয়াই থাকিব বুলি কৈছিল। কিন্তু সকলোকে আচৰিত কৰি ষ্টিফেন হকিঙে তেওঁক পংগু কৰি পেলোৱা এটা দুৰাৰোগ্য ব্যাধি শৰীৰত লৈ বেমাৰটো আৰম্ভ হোৱাৰ পাছত আধা শতিকাৰো অধিক কাল জীয়াই থাকিল আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা, গৱেষণা কৰি গ’ল, লিখি উলিয়ালে কেইবাখনো অমূল্য গ্ৰন্থ। যোৱা ১৪ মাৰ্চ তাৰিখে পুৱতি নিশা এই মহান বৈজ্ঞানিকজনে কেম্ব্ৰিজত থকা নিজা বাসভৱনত শোৱাপাটীত পৰি থাকোঁতে ইহলীলা সম্বৰণ কৰে।

ষ্টিফেন হকিঙে শাৰীৰিক বিপৰ্যয়ৰ সন্মুখত আত্ম-সমৰ্পন নকৰি সুদীৰ্ঘ সময় ধৰি কৰ্মব্যস্ত জীৱন কটাই প্ৰমাণ কৰি থৈ হ’লযে দৃঢ় ইচ্ছা শক্তি আৰু মনৰ বল থাকিলে কোনো বিপৰ্যয়ে মানুহক টলাব নোৱাৰে। লাহে লাহে শৰীৰৰ সকলো অংগ প্ৰত্যংগ অসাৰ হৈ পৰা ষ্টিফেন হকিঙে শেষৰ বছৰ কেইটাত মাথোন চকুৰ মণি আৰু গালখনহে অলপ অচৰপ লৰচৰ কৰিব পাৰিছিল। তেনে অৱস্থাতো সক্ৰিয় হৈ থাকিবলৈ তেওঁক সহায় কৰিছিল তেওঁৰ চকুৰ মণি আৰু গালৰ লৰচৰৰ যোগেদি মনৰ ভাব প্ৰকাশ কৰিবলৈ সুবিধা কৰি দিয়া অত্যাধুনিক কম্পিউটাৰে। ১৯৮৫ চনতে বাকশক্তি হেৰুৱাই পেলোৱা বৈজ্ঞানিকজনে কম্পিউটাৰৰ যান্ত্ৰিক কণ্ঠৰ দ্বাৰাই কথোপকথন কৰিছিল। কেৱল চকুৰ মণি আৰু গালৰ সীমিত সঞ্চালন কৰিয়েই তেওঁ লিখি উলিয়াইছিল এখনৰ পাছত এখনকৈ কেইবাখনো সুখপাঠ্য অমূল্য গ্ৰন্থ। শিশুৰ বাবে তেওঁ জীয়ৰী লুচিৰ লগত লিখি উলিয়াইছিল বিজ্ঞান ভিত্তিক শিশু গ্ৰন্থ। কেৱল বৈজ্ঞানিক হিচাপেই নহয়, এজন মানৱ হৈতিষী দাৰ্শনিকৰ ৰূপত অৱতীৰ্ণ হৈ ষ্টিফেন হকিঙে ভৱিষ্যতে মানুহৰ কল্যাণৰ বাবে কেইবাটাও বহুমূলীয়া উপদেশ আগবঢ়াইছিল। বৈজ্ঞানিকজনে অনুমান কৰিছিলযে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশ আৰু অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিয়ে কেই শ মান বছৰৰ ভিতৰতে পৃথিৱীখন ধ্বংস কৰিব। সেয়েহে মানৱজাতি বাচি থাকিবলৈ হ’লে আন কোনোবা গ্ৰহ বা উপগ্ৰহত মানুহে বাসস্থান সাজিবই লাগিব বুলি তেওঁ মন্তব্য কৰিছিল। অন্তৰীক্ষৰ কৃষ্ণ গহ্বৰৰ গৱেষণাত জীৱনৰ অধিক সময় পাৰ কৰা বৈজ্ঞানিকজন হাস্যৰসৰো থুনপাক আছিল। কঠোৰ শাৰীৰিক প্ৰত্যাহ্বান নেওচিও সৰস মন্তব্যৰে মানুহক আকৰ্ষিত কৰা আৰু হাঁহিমুখে থকা ষ্টিফেন হকিঙে সকলোকে আচৰিত কৰিছিল।

প্ৰায় ওৰেটো জীৱন হুইল ছেয়াৰত অসাৰ দেহটো লৈ পৰি থাকিও কেৱল মগজুৰ তীক্ষ্ন বুদ্ধিমত্তাৰে ষ্টিফেন হকিঙে বিজ্ঞান আৰু মানৱজাতিলৈ অতুলনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। শাৰীৰিকভাৱে তীব্ৰ প্ৰত্যাহ্বান হাঁহিমুখে গ্ৰহণ কৰি কৰ্মব্যস্ত জীৱন কটোৱা তেওঁৰ অসাধাৰণ জীৱন পৰিক্ৰমাই মানুহক হতচকিত কৰি আহিছে। জীৱিত কালতে কিম্বদন্তি হৈ পৰা ষ্টিফেন হকিঙৰ দৰে মহাপুৰুষৰ জীৱন কাহিনীয়ে বহুতো বিপৰ্যস্ত মানুহক জীৱন যুঁজত জয়ী হোৱাৰ নতুন পথ দেখুৱাব। তেওঁৰ জীৱনে আমাক শিকনি দিয়েযে, প্ৰবল আত্মবিশ্বাস আৰু মানসিক বলে মানুহক বিপৰ্যয়ৰ পৰা বিজয়লৈ ধাবিত কৰিব পাৰে।


বিভাজনৰ ৰাজনীতি



ভাৰতক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ স্বৰূপে অভিহিত কৰা হয়। কিন্তু এতিয়াও দেশৰ নিৰ্বাচনবোৰত মুক্ত গণতান্ত্ৰিক মূল্যবোধ আৰু ইছ্যুকেন্দ্ৰিক প্ৰতিদ্বন্দিতাৰ সলনি জাতিগত আৰু ধৰ্মীয় বিভাজন নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ উপায় বুলি বিবেচিত হৈ আহিছে। প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত জাতি আৰু ধৰ্মৰ কাৰ্ড খেলে। ভাৰতীয় জনতা পাৰ্টীয়ে হিন্দু ভোট একগোট কৰি নিৰ্বাচন জিকাৰ কৌশল ৰচনা কৰাৰ বিপৰীতে কংগ্ৰেছ দলে সংখ্যালঘু, দলিত আৰু পিছপৰা সম্প্ৰদায়ৰ ভোট বেংক তৈয়াৰ কৰিবলৈ চেষ্টা কৰে। সাধাৰণ মানুহক বিভাজিত কৰি শাসনৰ বাঘজৰী হাতত ৰখাৰ এই Divide and Rule Policy  ব্ৰিটিছৰ সময়ৰ পৰাই চলি আহিছে।

শেহতীয়াকৈ কৰ্ণাটকৰ ৰাজনীতিত এই বিভাজনৰ দ্বাৰা গাদী দখল কৰাৰ নীতি তুংগত দেখা গৈছে। আগন্তুক কৰ্ণাটক নিৰ্বাচনক লক্ষ্য ৰাখি কংগ্ৰেছ দলে কৰ্ণাটকৰ লিংগায়ট জনগোষ্ঠীক হিন্দু ধৰ্মৰ পৰা পৃথক এটা বেলেগ সংখ্যালঘু ধৰ্ম বুলি স্বীকৃতি দিয়াৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে। উল্লেখ্যযে লিংগায়ট সকলে ৰাজ্যখনৰ এটা অতি প্ৰভাৱশালী জনগোষ্ঠীৰ ৰূপত মুঠ জনসংখ্যাৰ প্ৰায় ১৭% অধিকাৰ কৰি আছে। প্ৰায় ১০০ খন বিধানসভাৰ আসনত লিংগায়ট সকলৰ ভোটে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰু মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ য়েডুৰাপ্পা লিংগায়ট সকলৰ এজন প্ৰভাৱশালী নেতা। তেওঁৰ প্ৰভাৱতে লিংগায়টসকলৰ সৰহভাগেই ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰি আহিছে। কংগ্ৰেছ দলে লিংগায়টসকলক ধৰ্মীয় সংখ্যালঘুৰ পৰিচয়েৰে বাবে সংখ্যালঘুসকলে ভোগ কৰা সুবিধা কৰি দিয়াৰ সপোন দেখুৱাই ভাৰতীয় জনতা পাৰ্টীৰ হিন্দু ভোটবেংকত মোক্ষম আঘাট হনাৰ পৰিকল্পনা কৰিছে।

মনকৰিবলগীয়াযে লিংগায়টসকলে শিৱক নিজৰ আৰাধ্য দেৱতা বুলি গণ্য কৰে। কিন্তু তেওঁলোকে বেদৰ কৰ্তৃত্ব আৰু হিন্দুধৰ্মৰ পৰম্পৰাগত জাতিভেদ প্ৰথা (Caste System) সমৰ্থন নকৰে। দ্বাদশ শতিকাৰ কৰ্ণাটকৰ ধৰ্মীয় নেতা, দাৰ্শনিক, কবি, সমাজ সংস্কাৰক বাসৱেশ্বৰে বেদৰ কৰ্তৃত্ব আৰু হিন্দু ধৰ্মৰ কু-সংস্কাৰ, গোড়ামী আৰু জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। বাসৱেশ্বৰৰ অনুগত লিংগায়টসকলেও পৰম্পৰাগত হিন্দু ধৰ্মৰ বহুতো নীতি নিয়ম মানি নচলে আৰু এচাম লোকে তেওঁলোকৰ ধৰ্ম হিন্দু ধৰ্মতকৈ পৃথক বুলি ক’ব খোজে। আনহাতে এচাম লোকে ক’ব খোজেযে বাসৱেশ্বৰে হিন্দু ধৰ্মৰ সংস্কাৰৰ পথহে প্ৰদৰ্শন কৰিছিল, হিন্দু ধৰ্মৰ পৰা আঁতৰি যাবলৈ কোৱা নাছিল।

লিংগায়টসকলৰ এচাম লোকে হিন্দু ধৰ্মৰ পৰা পৃথক পৰিচয় বিচাৰি যোৱা বছৰৰ ১৯ জুলাইত বিদাৰত এখন বিশাল সমাবেশৰ আয়োজন কৰিছিল। আততায়ীৰ গুলীত নিহত হোৱা কৰ্ণাটকৰ বিশিষ্ট বুদ্ধিজীৱি লেখক কালবুৰ্গিয়েও লিংগায়ট সকলক হিন্দু ধৰ্মৰ পৰা পৃথক জনগোষ্ঠী বুলি যুক্তি ডাঙি ধৰিছিল। কিন্তু এই বিষয়টোত লিংগায়ট জনগোষ্ঠী কেতিয়াও সহমতত উপনীত হ’ব পৰা নাই। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন থাকোঁতে এই বিষয়টো উত্থাপন কৰি কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টীৰ হিন্দু ভোট বেংকত খহনীয়াৰ সৃষ্টি কৰি দুৰ্গ ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে। আনহাতে এচাম ৰাজনৈতিক বিশ্লেষকে এইবুলিও কৈছেযে হিন্দু ধৰ্মৰ বিভাজনৰ দ্বাৰা কংগ্ৰেছৰ দুৰ্গ ৰক্ষাৰ এই কৌশল বুমেৰাং হ’ব পাৰে আৰু ভাৰতীয় জনতা পাৰ্টীক হিন্দুভোট ঐক্যবদ্ধ কৰাত সুবিধাহে কৰিব পাৰে। হিন্দু ধৰ্মৰ পৰা পৃথক ধৰ্মীয় সংখ্যালঘু বুলি পৰিচয় লৈ এচাম লিংগায়টে সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদ অনুসৰি ধৰ্মীয় সংখ্যালঘুৰ বাবে থকা নিজা শৈক্ষিক অনুস্থান পৰিচালনা কৰাৰ সুবিধা ল’ব খুজিছে বুলিও সমালোচনা হৈছে। সেয়া যিয়েই নহওক ধৰ্মীয় বিভাজনৰ শেষ অস্ত্ৰ প্ৰয়োগ কৰি কংগ্ৰেছে কৰ্ণাটকত শাসন অক্ষুন্ন ৰাখিব পাৰেনে নোৱাৰে সেয়াহে লক্ষ্যণীয় হ’ব।

বেচৰকাৰী শিক্ষানুস্থানৰ নিয়ন্ত্ৰণ



আজিৰ ছাত্ৰ ছাত্ৰীসকলেই দেশৰ ভৱিষ্যৎ নাগৰিক। সেয়েহে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ বাবে সুব্যৱস্থা কৰাটো প্ৰতিখন নিৰ্বাচিত চৰকাৰৰে কৰ্তব্য। কিন্তু গুণগতভাৱে উন্নত পাঠদান আৰু শিক্ষানুস্থানসমূহৰ আন্ত:গাঁঠনিৰ উন্নয়ন কেৱল চৰকাৰী প্ৰয়াসেৰে সম্ভৱ হৈ নুঠা বাবে আমাৰ দেশত বেচৰকাৰী খণ্ডত অসংখ্য বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গঢ়ি উঠিছে। দেশত পঢ়াশালিলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা  বৃদ্ধি পোৱাৰ লগে লগে শিক্ষানুস্থানৰ সংখ্যা বৃদ্ধি হোৱাৰো প্ৰয়োজন হৈছে। বেচৰকাৰী খণ্ডত স্থাপন হোৱা বিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীৰ এই প্ৰয়োজন কিছু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছে। অনহাতে, বেচৰকাৰী শিক্ষানুস্থান স্থাপন কৰাটো এটা লাভজনক ব্যৱসায়ত পৰিণত হোৱাৰ বাবে আজিৰ সময়ত যেনিয়ে তেনিয়ে ব্যক্তিগত মালিকানাৰ অসংখ্য শিক্ষানুস্থান গঢ়ি উঠিছে। কিন্তু এই শিক্ষানুস্থানসমূহে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ গুণগত মান কিমানখিনি উন্নত কৰিব পাৰিছে সেয়া এতিয়াও সন্দেহৰ আৱৰ্ততে আছে। প্ৰায়ে অভিযোগ শুনা যায়যে বেচৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ পৰা অত্যাধিক মাচুল আদায় কৰা হয় যদিও সেই অনুপাতে শিক্ষাদানৰ মান উন্নত নহয়। বৰং এই বিদ্যালয় সমূহত অতি কম দৰমহাৰে উপযুক্ত অৰ্হতা নথকা শিক্ষকক নিয়োগ কৰা হয়। সেইদৰে কিছুমান বেচৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মৌলিক প্ৰয়োজন পূৰণ কৰিব পৰা আন্ত:গাঁঠনিৰো অভাৱ দেখিবলৈ পোৱা যায়।

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নিয়ন্ত্ৰিত কৰিবলৈ অসম চৰকাৰে বিধানসভাত অসম বেচৰকাৰী শিক্ষানুস্থান (নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা) সংশোধনী বিধেয়ক, ২০১৮ (Assam Non Government Educational Institute (Regulation and Management) Amendment bill, 2018) উত্থাপন কৰিছে, যিটো নি:সন্দেহে অতি আদৰণীয় পদক্ষেপ। এই বিধেয়কৰ দ্বাৰা চৰকাৰে ৰঘুমলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ শিক্ষানুস্থানসমূহক কিছু পৰিমাণে নাকী লগোৱাৰ ব্যৱস্থা কৰিছে। বিধেয়কখনত বেচৰকাৰী শিক্ষানুস্থান স্থাপন, শিক্ষক নিযুক্তি, মাচুলৰ পৰিমাণ আদিৰ ক্ষেত্ৰত ষ্পষ্ট নিৰ্দেশনা দিয়া হৈছে। অৰ্হতাসম্পন্ন শিক্ষক নিযুক্তি সুনিশ্চিত কৰাৰ বাবে নেচনেল কাউঞ্চিল ফ’ৰ টিচাৰ এডুকেচনৰ নিৰ্দেশনা পালন কৰাটো বিদ্যালয় কৰ্তৃপক্ষৰ বাবে বাধ্যতামূলক কৰিছে। এখন শিক্ষানুস্থান স্থাপনৰ বাবে মাটিৰ ন্যুনতম পৰিমাণো চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। সেইদৰে প্ৰতিখন বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক সুবিধাযুক্ত শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ থকাটো বাধ্যতামূলক কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষই যাতে জধে-মধে মাচুল বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে এই এনে বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ নিৰীক্ষণ নিয়ামক সমিতিৰ যোগেদি কৰাৰ নিৰ্দেশ দিয়া হৈছে। উপযুক্ত নিৰীক্ষণৰ বাবে বেচৰকাৰী বিদ্যালয়সমূহক শিক্ষা সঞ্চালকালয়ৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। ব্যক্তিগত খণ্ডৰ শিক্ষানুস্থানসমূহত নিযুক্ত কৰ্মচাৰীসকলৰ দৰমহাও কোনো কাৰণতে চৰকাৰৰ নিয়মৰ বাহিৰলৈ যাব নোৱাৰিব বুলিও ষ্পষ্ট নিৰ্দেশনা দিয়া আছে। সেইদৰে বিদ্যালয় কতৃপক্ষই ছাত্ৰৰ নাম ভৰ্তিৰ বাবে অভিভাৱকৰ পৰা অতিৰিক্ত দান-বৰঙণি দাবী কৰাটো অবৈধ বুলি ঘোষণা কৰা হৈছে। সকলো বেচৰকাৰী বিদ্যালয়ত দিব্যাংগ আৰু দুখীয়া মেধাবী ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰী বিদ্যালয়ৰ নিৰিখত আসন সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বেচৰকাৰী বিদ্যালয় কৰ্তৃপক্ষই বৰ্ধিত মাচুলেৰে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱককো কৰা হাৰাশাস্তি ৰোধ কৰিবলৈ অসম চৰকাৰে বিধানসভাত অসম বেচৰকাৰী শিক্ষানুস্থান (নিয়ন্ত্ৰণ আৰু মাচুল) বিধেয়ক, ২০১৮ নামৰ আন এখন বিধেয়কো উত্থাপন কৰিছে। সেইদৰে যেনিয়ে তেনিয়ে গঢ়ি উঠা বেচৰকাৰী মাদ্ৰাছা সমূহক নিয়ন্ত্ৰণ কৰিবলৈ মাদ্ৰাছা শিক্ষানুস্থান চৰকাৰীকৰণ বিধেয়ক, ২০১৮ নামৰ আন এখন বিধেয়কো উত্থাপন কৰা হৈছে।

শিক্ষা ক্ষেত্ৰত সংস্কাৰ সাধন কৰিবলৈ আৰু বিশেষকৈ বেচৰকাৰী শিক্ষানুস্থানসমূহক নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰৰ এই পদক্ষেপ নি:সন্দেহে অতি প্ৰশংসনীয়। উল্লেখ্যযে অসম বেচৰকাৰী শিক্ষানুস্থান (নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা) আইন, ২০০৬ বলবৎ হোৱাৰ বাৰ বছৰৰ পাছতো বেচৰকাৰী শিক্ষানুস্থানসমূহক নিয়ন্ত্ৰণৰ অধীনলৈ আনিব পৰা হোৱা নাই। সেয়েহে কেৱল আইন প্ৰণয়ন কৰিলেই নহ’ব, এই আইন কঠোৰভাৱে বলবৎ কৰাটোহে অতি প্ৰয়োজনীয়। বেচৰকাৰী শিক্ষানুস্থানসমূহক নিয়ন্ত্ৰণ কৰি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক সকাহ দিয়াৰ বাবে চৰকাৰে প্ৰদৰ্শন কৰা সদিচ্ছা যাতে ৰাজনৈতিক ভেকোভাওনাত পৰিণত নহয়, সেয়াহে অধিক গুৰুত্বপূৰ্ণ।


Wednesday, March 28, 2018

বন্ধ - সংস্কৃতি



স্বাধীনতাৰ সময়ত দেশৰ অৰ্থনৈতিকভাৱে দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ তালিকাত থকা অসম স্বাধীনতাৰ সাতটা দশকৰ পাছত দেশৰ অন্যতম পিছপৰা ৰাজ্যত পৰিণত হৈছে। প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল চাহ, তেল, গেছ, কয়লা আদিৰ উদ্যোগ আৰু কৃষিখণ্ডৰ মুঠ উত্পাদনৰ পৰা সংগ্ৰহ হোৱা সীমিত ৰাজহেৰে ৰাজ্যখনৰ প্ৰয়োজন পূৰাব পৰা নাযায়। সেয়েহে আমাৰ ৰাজ্যখনৰ প্ৰায়বোৰ উন্নয়নমূলক কামৰ বাবে আমি কেন্দ্ৰীয় সাহাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
আমাৰ ৰাজ্যখন দিনে দিনে ভাৰতৰ সৰহভাগ ৰাজ্যতকৈ অৰ্থনৈতিকভাৱে নিশকতীয়া হৈ পৰাৰ অন্যতম কাৰণ হ’ল বিভিন্ন সংগঠনে হকে বিহকে, যেতিয়াই তেতিয়াই ঘোষণা কৰা বন্ধ আৰু হৰতাল। অলপতে অসম বিধানসভাত উত্থাপিত হোৱা এটা প্ৰশ্নৰ উত্তৰত জানিব পৰা গৈছেযে অসমত সঘনে হৈ থকা বন্ধবোৰৰ বাবে প্ৰতিবছৰে প্ৰায় ছয়হাজাৰ লাখ টকাৰ লোকচান হয়। উল্লেখ্যযে, ২০১৭ চনত বিভিন্ন দল সংগঠনে অসমত বিভিন্ন পৰ্যায়ত মুঠ ৮১ টা বন্ধৰ আহ্বান দিছিল। এই বন্ধবোৰে মানুহৰ সাধাৰণ জীৱন যাত্ৰাত ব্যাপক প্ৰভাৱ পেলায়। চৰকাৰী কাৰ্যালয়, স্কুল কলেজ, ব্যৱসায় প্ৰতিস্থান আদি বন্ধ হৈ যোৱাৰ বাবে অসংখ্য মানুহ প্ৰভাৱিত হয়। দৈনিক হাজিৰা কৰি, ৰিক্সা ঠেলা চলাই পেট প্ৰৱৰ্তন কৰি থকা দুখীয়া মানুহবোৰৰ দিনটোৰ উপাৰ্জন বন্ধ হৈ যায়। এই বন্ধবোৰৰ বাবেই হয়তো কোনোবা ৰোগীয়ে সময়মতে চিকিত্সালয় গৈ নাপায়, কোনোবা চাকৰি প্ৰাৰ্থীয়ে সাক্ষাত্কাৰত অৱতীৰ্ণ হ’বলৈ নাপায়।
এখন গণতান্ত্ৰিক দেশত জনসাধাৰণৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। বহুসময়ত সমাজৰ বৃহত্তৰ স্বাৰ্থত চৰকাৰ বা কোনো বিশেষ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আন্দোলনৰ প্ৰয়োজন আহি পৰে। কিন্তু দল সংগঠনবোৰে যেতিয়া নিজৰ স্থিতি বা শক্তি প্ৰদৰ্শন কৰিবলৈ বা তেওঁলোকৰ সংকীৰ্ণ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবলৈ এটাৰ পাছত এটাকৈ বন্ধৰ আহ্বান দি এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰে, সেয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। অতি পৰিতাপৰ কথাযে অসমত যিকোনো সংগঠনে আহ্বান দিয়া যিকোনো বন্ধৰ আহ্বানে যথেষ্ট সঁহাৰি লাভ কৰে। এনেয়ো অসমক ‘লাহে লাহে’ৰ দেশ বুলি কোৱা হয়। সেয়ে সাধাৰণতে পৰিশ্ৰমতকৈ এলাহক বেছি প্ৰাধান্য দিয়া সৰহভাগ মানুহে যিকোনো বন্ধলৈ অকুণ্ঠ সমৰ্থন আগবঢায়। চাকৰিয়ালসকলে একোটা অতিৰিক্ত বন্ধ উদযাপন কৰে।
হকে বিহকে হৈ থকা এই বন্ধবোৰে সমগ্ৰ দেশৰ সন্মুখত অসমৰ প্ৰতিচ্ছবি অৱনমিত কৰিছে। এনে বন্ধবোৰ আৰু উগ্ৰপন্থীকে ধৰি বিভিন্ন দল সংগঠনৰ উপদ্ৰৱ হ’ল অসমলৈ পৰ্যটক আহিবলৈ ভয় কৰাৰ মূল কাৰণ। ‘এডভাণ্টেজ আছাম’ৰ দৰে এক বিশাল আয়োজনৰ জৰিয়তে অসমলৈ বিনিয়োগকাৰীক আমন্ত্ৰণ কৰা হ’ল। কিন্তু অসমত পৰিস্থিতি যদি ব্যৱসায় বাণিজ্যৰ বাবে অনুকূল হৈ নুঠে, অসমলৈ বিনিয়োগকাৰী অহাৰ আশা ক্ষীণ। সেইবাবে চৰকাৰে বন্ধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সময় আহিছে। মনকৰিবলগীয়াযে গুৱাহাটী উচ্চ ন্যায়ালয়ে বহু বছৰ আগতেই বন্ধৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যাতে বন্ধৰ কাৰণে সাধাৰণ মানুহ মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয়। তাৰ আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সাধাৰণ মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ লগতে দেশৰ অৰ্থনৈতিক লোকচান কৰাৰ বাবে এনে বন্ধবোৰক অসাংবিধানিক আৰু অবৈধ বুলি ৰায় দিছিল। কিন্তু আচৰিত কথাযে ৰাজ্যচৰকাৰে আজিকোপতি উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰি বন্ধ ঘোষণা কৰা দল সংগঠনসমূহৰ বিৰুদ্ধে বিশেষ একো ব্যৱস্থা গ্ৰহণ নকৰিলে। শেহতীয়াকৈ এখন বন্ধ বিৰোধী বিধেয়ক উত্থাপন কৰাৰ কথা আলোচিত হৈছে যদিও ৰাজনৈতিক কাৰণতে হয়তো এনে এখন আইন প্ৰনয়ণ কৰিবলৈ ৰাজ্যচৰকাৰে হোঁহকা পিচলা কৰি আছে। কিন্তু উন্নয়ন আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা ৰাজ্য চৰকাৰখনে অসমত বন্ধ সংস্কৃতি নিৰ্মূল কৰিবলৈ কঠোৰ পদক্ষেপ লবই লাগিব। অন্যথা অসমৰ উন্নয়নৰ সপোন সুদূৰ পৰাহত হৈয়েই ৰ’ব।

Sunday, March 25, 2018

পুনৰ্জন্ম


“মাজনীৰ কাৰণে চেলোৱাৰ কামিজ এজোৰ লৈ আনিব। তাই এতিয়া ঘৰত ফ্ৰক পিন্ধি থাকিলে ভাল নেদেখি”, মনোমতীয়ে ঘৰৰ পৰা ওলাবলৈ লওঁতেই ঘনকান্তক ক’লে।
“এ: সেইবোৰ তুমিয়েই তাইক বজাৰলৈ লৈ গৈ কিনি আনিবা। মই অনা কাপোৰ পচন্দ হ’ব জানো। তাতে আকৌ গাৰ জোখ মাখৰ কথা আছে”। এইবোৰ মাইকী মানুহৰ কাপোৰ কিনিবলৈ ঘনকান্তই অসুবিধা পায়।
“জোখটো ইফাল সিফাল হ’লে ময়েই ঠিক কৰিব পাৰিম। বজাৰত চাই আহিবচোন, দাম দৰ কেনে। আপুনি নোৱাৰিলে পিছত ময়েই তাইক লৈ যাম বাৰু”
ঘনকান্তই চাইকেলখন পিৰালিৰ পৰা নমাওঁতে মনোমতীয়ে পুনৰ মাত লগালে, “আপুনি পাৰিলে সোনকালে আহিব। আজি মই নামঘৰলৈ যাম। আজিকালি মাজনীক অকলে ঘৰত থৈ যাবলৈ ভয় লাগে”।
ঘনকান্তই বুজে। মাজনী গাভৰু হোৱাৰ পৰা তাইকলৈ তাৰো চিন্তা বাঢ়িছে। কিন্তু তাৰ কামটোত সি মন গ’লেই ফটককৈ গুচি আহিব নোৱাৰে। মাৰোৱাৰী মালিকে দোকান চলি থকা সময়ত সোনকালে ছুটি কৰিলে বেয়া পায়। দোকানী নথকা কাৰণে গ্ৰাহক ঘূৰি যাবলগীয়া হ’লে কথা শুনিবলগীয়া হয়।
দোকানলৈ গৈয়েই সি মালিকৰ কাণ চোৱালে, “আজি অলপ সোনকালে ছুটি কৰিব লাগিছিল ছাৰ”।
“তুমি ছুটি লৈয়েই থাকাচোন। আজি ছুটি নহ’ব। আজি ট্ৰাকৰ পৰা নতুন মাল নমাব। আটাইকেইজন থাকিব লাগিব”।
ঘনকান্তৰ মনটো বেয়া লাগিল। সি আনতকৈ কমেই ছুটি লয়। কিন্তু মালিকে সি ছুটি লৈয়েই থাকে বুলি ক’লে। যিদিনা প্ৰয়োজন, সেইদিনাও সি ছুটি নাপায়।
ভাত খোৱা ছুটিৰ সময়ত সি ওচৰৰ বজাৰৰ পৰা মাজনীৰ জোখৰ আন্দাজ কৰি চেলোৱাৰ কামিজ এজোৰ কিনিলে। চেলোৱাৰ কামিজ সি কাম কৰা দোকানখনতো আছে। কিন্তু ইমান দামী কাপোৰ সি দিব নোৱাৰে। সি ভাবিলে, সোনকালে যাব নোৱাৰিলেও নতুন কাপোৰ এজোৰ পালে মাজনীয়ে মনত ৰং পাব।
সন্ধিয়া লাগো লাগো হোৱাৰ সময়ত হঠাতে মালিকে তাক মাতি পঠিয়ালে। সেইসময়ত সি দুগৰাকী মহিলা গ্ৰাহক নতুন ডিজাইনৰ শাৰী দেখুওৱাত ব্যস্ত আছিল। মালিকে তাৰ পিনে চাই ব্যস্ততাৰে ক’লে, “তুমি সোনকালে ঘৰলৈ যোৱা। তোমাৰ চুবুৰীয়া এজনৰ পৰা ফোন আহিছিল। তোমাক সোনকালে মাতি পঠিয়াইছে”।
ঘৰৰ পৰা তাক কেতিয়াও এনেদৰে মাতি পঠিওৱা নাই। তাৰ নিজৰ ফোন নাই বাবে খুব প্ৰয়োজনত ফোন কৰিবলৈহে দোকানৰ লেণ্ড লাইন নম্বৰটো দি থোৱা আছে। তাৰ বুকুখন চিৰিংকৈ গ’ল। লগত একেলগে কাম কৰা মোহনক গ্ৰাহকক চম্ভালিবলৈ কৈ দি ঘৰলৈ বুলি চাইকেলত উঠিল। চাইকেলৰ কেৰিয়াৰত মাজনীলৈ বুলি লোৱা চেলোৱাৰ কামিজজোৰ বান্ধি ল’লে।
চহৰৰ উপকণ্ঠৰ আওহতীয়া ঠাই এডোখৰত ঘনকান্তহঁতৰ ঘৰ। মাটি এডোখৰ দখল কৰি সি সৰু ঘৰ এটা সাজি তাতেই আছে। তাৰ দৰে কম উপাৰ্জনৰ কেইবাঘৰো মানুহ অঞ্চলটোত বহিছে। চুবুৰীটোত কেইমাহমান আগতে বিজুলীৰ খুটাও বহিছে। কেইঘৰমানে বিজুলী সংযোগো লৈছে। মাটিৰ ৰাস্তাটোতো দুগাড়ীমান শিলগুটি পৰিছে। ঠিকাদাৰে ৰাস্তাৰ কাম কৰিবলৈ চহৰৰ পৰা বনুৱা আনিছে।
কোবা কুবিকৈ চাইকেল মাৰি সি চুবুৰীটোলৈ সোমাই যাওঁতেই মন কৰিলে তাৰ ঘৰৰ আগত মানুহৰ ভীৰ। তাৰ গাটো কেনেবা কেনেবা লাগিল। এক অজান আশংকাত মনটো কঁপি উঠিল। সি আগেদি পাৰহোৱা ঘৰকেইটাৰ বাহিৰত থিয় হৈ থকা মাইকী মানুহ কেইজনীমানে মুখত কাপোৰ লৈ তাৰ পিনে কৰুণ দৃষ্টিৰে চাই থকা দেখি তাৰ বুকু হমহমাই উঠিল।
ঘৰৰ পদূলি পাই সি দেখিলে মনোমতীয়ে হুৰাওৰাৱে কান্দিছে। গাঁৱৰ তিৰোতা কেইজনীমানে তাইক ধৰি ৰাখিব পৰা নাই। তাই বাৰে বাৰে চোতালত শুৱাই থোৱা মৰাশ’টোৰ মুখৰ পৰা কাপোৰখন গুচাই গুচাই দিয়ে। চাইকেলখনৰ পৰা নামি চোতাললৈ আগবাঢ়ি যোৱা ঘনকান্তক কেইবাজনেও বেৰি ধৰিলে। সি দেখা পালে, মনোমতীয়ে গুচাই দিয়া কাপোৰখনৰ তলত মাজনী শুই আছে।
ঘনকান্ত ঠাইতে শিল পৰা মানুহৰ দৰে থৰ হৈ বহি পৰিল। কি হৈছে সি যেন একো তৎ ধৰিব নোৱাৰিলে। তাৰ চকুৰে চকুপানীও নোলাল। তাৰ মাত কথা সকলো বন্ধ হৈ গ’ল।
“ঘনকান্ত, চাচোন তোৰ ছোৱালীজনীক কি অৱস্থা কৰিলে। কোনে জানিছিল এই ফুলকুমলীয়া ছোৱালীজনীক সেই নৰাধম কেইটাই এনেকৈ শেষ কৰি দিব” তাৰ গাত ধৰি সমবয়সীয়া নগেনে হুকহুকাই কান্দি উঠিল।
“এয়া সেই ৰাস্তা বনাবলৈ অহা লেবাৰ কেইটাৰ কাম। চাল্লা সিহঁতৰ অতপালি বাঢ়ি গৈছে। সিহঁতক পালে এটা এটাকৈ কাটিম”, গাঁৱৰ চেঙেলীয়া ডেকা ৰতনে গুজৰি উঠিল।
“ঘনকান্ত ককাইদেউ, এই নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ উচিত বিচাৰ হ’ব লাগিব। পুলিছ, মেডিয়া সকলোকে মই খবৰ দিছোঁ। এমেলে ছাৰকো জনাইছোঁ। আমি সকলোৱে আপোনাৰ লগত আছোঁ”, ছাত্ৰনেতা বিজয়ে হুংকাৰ দিলে।
কোনোবাই ঘনকান্তৰ মূৰত পানী ঢালি দিলে, কোনোবাই তাৰ গাটো জোঁকাৰি দিলে, কোনোবাই তাৰ গাত ধৰি হুকহুকাই কান্দিলে। কিন্তু সি কোনো প্ৰতিক্ৰিয়া নকৰাকৈ চকু লৰচৰ নকৰাকৈ সমুখলৈ চাই বহি থাকিল। মানুহবোৰে কোৱা কুই কৰিলে, এনেকুৱা হ’লে সি পগলা হৈ যাব পাৰে। তাক যেনেতেনে কন্দুৱাব লাগে।
বয়সিয়াল মাইকী মানুহকেইজনীমানেও আহি তাক ঘটনাটো কেনেকৈ ঘটিল ক’বলৈ ধৰিলে। “মনোমতী নামঘৰতে আছিল। নামঘৰত থাকোঁতেই আমি বিকট চিঞৰ এটা শুনা পাইছিলোঁ। কাৰ মাত বুজা নাছিলোঁ। আমি ল’ৰালৰিকৈ ইঘৰ সিঘৰত খবৰ কৰি গম পালোঁ সেয়া মনোমতীহঁতৰ ঘৰৰ পৰাই চিঞৰটো আহিছে। সকলোৱে দৌৰা দৌৰিকৈ আহি দেখিলোঁ মাজনী ঘৰৰ ভিতৰতে তেজেৰে লুটুৰি পুতুৰি হৈ পৰি আছে। তাইৰ গাৰ কাপোৰ কানি টানি আজুৰি ফালি পেলাইছে। তাইৰ জীৱটো যোৱা নাছিল। তাই আঙুলিয়াই বাৰীৰ পিনে দেখুৱাই আছিল। নগেনহঁতে সেইপিনে খেদি যাওঁতে ৰাস্তা বনোৱা লেবাৰ দুটাই জঁপিয়াই জেওৰা পাৰ হৈ পলাল”।
তথাপিও নিৰ্বিকাৰ হৈ থকা ঘনকান্তৰ গাটো জোঁকাৰি বুঢ়ী মানুহ এজনীয়ে ক’লে, “মাজনীয়ে তিনিটা পাষণ্ডই তাইক সৰ্বনাশ কৰি ডিঙি চেপি থৈ যোৱাৰ কথা কান্দি কান্দি কৈ থাঁকোতে তাই গ’লগৈ। আমি ডাক্তৰক মাতিবলৈ সময়েই নাপালোঁ। তুমি কিয় সোনকালে আহি নাপালা ঘনকান্ত”। এইবুলি বুঢী মানুহজনীয়ে হুকহুকাই কান্দি পেলালে।
অলপ সময় পাছতে স্থানীয় থানাৰ অ’ চি আহি ঘনকান্তৰ ওচৰত বহিল। “আপোনাৰ ষ্টেটমেণ্ট এটা লাগে। আপুনি ধৰ্ষণ হোৱা বুলি নিশ্চিত নে? আপোনাৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? আপুনি এনেকুৱা এটা ঘটনা ঘটিব পাৰে বুলি সন্দেহ কৰিছিল নেকি”? ঘনকান্তই নিৰ্বিকাৰ ভাৱত বহি থাকিল।
সা সৰঞ্জাম লৈ ডাঙৰ গাড়ীত মেডিয়াৰ মানুহ আহিল। টেলিভিছনৰ কেমেৰা সাজু হ’ল। মহিলা সাংবাদিকগৰাকীয়ে কেমেৰালৈ মুখ কৰি ক’বলৈ ধৰিলে, “এইখন অসমত আৰু এটা ধৰ্ষণ আৰু হত্যাৰ ঘটনা। এটা বিশেষ সম্প্ৰদায়ৰ মানুহে এটাৰ পাছত এটাকৈ সংঘটিত কৰি গৈছে ধৰ্ষণৰ দৰে অপৰাধ। কিন্তু চৰকাৰে এতিয়াও ধৰ্ষণৰ দৰে অপৰাধ বন্ধ কৰিবলৈ সমৰ্থ হোৱা নাই। আমি এতিয়া উপস্থিত হৈছোঁ দুৰ্ভগীয়া ছোৱালীজনীৰ ঘৰত। আমি আপোনালোকক দেখুৱাম কিদৰে ছোৱালীজনীৰ পিতৃ আৰু মাতৃ শোকত ভাঙি পৰিছে। তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম”।
সাংবাদিকজনৰ সহকাৰীজনে আহি ঘনকান্তলৈ চাই নগেনক ক’লে, “ছোৱালীজনীৰ দেউতাকক কিবা কৰি কন্দুৱাওক। নহ’লে বৰ বেয়া দেখুৱাব। তেখেতৰ চকুত অলপ গ্লিচাৰিণ লগাই দিব পৰা যাব নেকি”?
“আমি সকলোৱে কান্দিছোঁ। সিহে কন্দা নাই। নাজানো তাৰ কি হৈছে”। নগেনে আকৌ উচুপি উঠিল।
কেমেৰামেনে ঘনকান্তলৈ কেমেৰা টোৱালে।
“এয়া আমি দেখুৱাইছোঁ দুৰ্ভগীয়া ছোৱালীজনীৰ পিতৃ ঘনকান্ত বৰাক। তেওঁ শোকত বাকৰুদ্ধ হৈ পৰিছে। আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম”। এইবুলি সাংবাদিকগৰাকীয়ে বুমডাল ঘনকান্তৰ মুখৰ সন্মুখলৈ আনিলে।
“বাৰু আপুনি কওকচোন আপোনাৰ ছোৱালীজনীৰ কোনোবা প্ৰেমিক আছিল নেকি? এয়া প্ৰেমজনিত ধৰ্ষণ আৰু হত্যা নেকি? আপোনাৰ ছোৱালীজনীক আগতেও কোনোবাই ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল নেকি”?
ঘনকান্তই স্থিৰ চকুৰে সাংবাদিকগৰাকীৰ চকুলৈ মাত্ৰ চাই থাকিল। তাৰ মুখৰ পৰা এটা শব্দও নোলাল। “ছোৱালীজনীৰ পিতৃ শোকস্তব্ধ হৈ থকা কাৰণে আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব নোৱাৰিলোঁ। আমি এতিয়া স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া জানিব বিচাৰোঁ”। এইবুলি সাংবাদিকগৰাকীয়ে তাত সমবেত হোৱা গাঁৱৰ মানুহৰ ওচৰলৈ গ’ল।
“ছোৱালীজনী দেখাই শুনাই ভালেই আছিল। স্বভাৱ চৰিত্ৰৰ কথা পিছে নাজানো। এদিন কোনোবাই তাইক চহৰৰ ল’ৰা এটাৰ লগত বাইকৰ পিছপিনে উঠা দেখিছিল। আজিকালিৰ ছোৱালীৰ কথা কোনে ক’ব পাৰে”?
“একেজনী ছোৱালী বুলি মাক বাপেকে ছোৱালীজনীক লাই দি দি নষ্ট কৰিলে। এই উঠন বয়সতনো গাভৰু ছোৱালীয়ে ইমান ছুটি ছুটি ফ্ৰক পিন্ধি থাকেনে? ইমান ছুটি ফ্ৰক পিন্ধি থাকিলে মতা মানুহৰ চকুত পৰিবই”।
“এয়া আচলতে এটা বিশেষ সম্প্ৰদায়ৰ মানুহৰ কাম। সিহঁতে এনেদৰে আমাৰ ছোৱালীবোৰৰ সতীত্ব নাশ কৰি আমাৰ সমাজখন শেষ কৰি দিব খুজিছে। এয়া এক ডাঙৰ ষড়যন্ত্ৰ”।
মানুহৰ লগত কথা পাতি থাকোঁতে স্থানীয় বিধায়কজন আহি পালে। সাংবাদিকগৰাকীয়ে বিধায়কৰ ওচৰলৈ গ’ল। বিধায়কৰ মুখৰ ওচৰত বুমটো ডাঙি ধৰিলে।
“এই ঘটনাটোৰ বিষয়ে জানিব পাৰি মই মৰ্মাহত হৈছোঁ। দোষীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিবলৈ মই পুলিছক নিৰ্দেশ দিছোঁ। ছোৱালীজনীৰ পৰিয়াললৈ মই এক লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছোঁ”।
বিধায়ক উপস্থিত হোৱাৰ লগে লগে চহৰৰ পৰা অহা মহিলাৰ সংগঠন এটাৰ সম্পাদিকাই বিধায়কক লগ ধৰিলে। “ছাৰ, এই ধৰ্ষণ আৰু হত্যাৰ বিচাৰ লাগে। এইদৰে মহিলাৰ অপমান হৈ থকাটো আমি সহ্য কৰিব নোৱাৰোঁ। এই ধৰ্ষণৰ বিৰুদ্ধে কালি আমি এক গণ সমাবেশ অনুস্থিত কৰিম। সন্ধিয়া জোৰ লৈ শোভাযাত্ৰা কৰিম। আমি আপোনাৰ সহযোগ বিচাৰোঁ। আপোনাৰ সহযোগ নাপালে আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ’ম”।
ছাত্ৰনেতা বিজয়ো আগবাঢ়ি আহিল, “ছাৰ, আমাৰ এই পিছপৰা গাঁৱৰ উন্নয়নৰ কাৰণে কেইটামান স্কিম দিয়ক ছাৰ। আমি পিছপৰি থকাৰ কাৰণেই এইবোৰ ঘটনা হৈ আছে। ছাৰ, আমাৰ ইয়াত বাহিৰৰ ঠিকাদাৰক কাম দিব নোৱাৰিব, আমাক দিব লাগিব। চাওক ঠিকাদাৰৰ মানুহে কি কাণ্ড কৰিলে। আপুনি সহায় নকৰিলে আমি আন্দোলন কৰিবলৈ বাধ্য হ’ম ছাৰ”।
বিধায়কে ঘনকান্তৰ ওচৰলৈ আহি হাতজোৰ কৰিলে। “মোৰ লগত যোগাযোগ ৰাখিব। সাহাৰ্যৰ টকাখিনি সোনকালেই মোকলাই দিয়াৰ ব্যৱস্থা কৰিম”।
ৰাতি হৈ আহিল। বিধায়ক যাবলৈ ওলাল। সাংবাদিকগৰাকীয়েও নিজৰ সা সৰঞ্জাম সামৰিলে। গাঁৱৰ মানুহেও ঘৰাঘৰি যাবলৈ ওলাল। এনেতে ঘনকান্ত বহি থকাৰ পৰা উঠিল। লাহে লাহে খোজকাঢ়ি সি চাইকেলখনৰ ওচৰলৈ গ’ল। কেৰিয়াৰত বান্ধি অনা প্লাষ্টিকৰ পেকেটটো লৈ সি মাজনীৰ ওচৰলৈ গ’ল।
মনোমতীৰ হাতত প্লাষ্টিকৰ পেকেটটো দি সি লাহে লাহে ক’লে, “এয়া লোৱা। তাইৰ কাৰণে চেলোৱাৰ কামিজ এজোৰ আনিছোঁ। তাই ৰংটো ভাল পাব। তাইক কোৱা ছুটি ছুটি কাপোৰ আৰু পিন্ধিব নালাগে। তাইৰ কাৰণে মই নতুন দীঘল হাতৰ, দীঘল ভৰিৰ কাপোৰ আনিম। তাইক সোধা, তাইৰ কোনোবা প্ৰেমিক আছে নেকি? তাইক সোধা, তাইক আগতে কোনোবাই ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে নেকি? তাইক সোধা, তাই কাৰ লগত বাইকৰ পিছপিনে উঠিছিল”।
ঘনকান্তই প্ৰথমবাৰৰ কাৰণে হুকহুকাই কান্দি উঠিল। সি হাত জোৰ কৰি সকলোলৈ চাই ক’বলৈ ধৰিলে, “সকলোৱে বিশ্বাস কৰক, আজিৰ পৰা মোৰ ছোৱালীজনীয়ে কেতিয়াও ছুটি কাপোৰ নিপিন্ধে, কেতিয়াও কাৰো লগত বাইকত নুঠে, কেতিয়াও কাৰো লগত প্ৰেমত নপৰে। তাইক এবাৰ জীয়াই দিয়ক, মই অনা কাপোৰজোৰ পিন্ধি চাবলৈ পৰা কৰি দিয়ক। মোক লাখ টকা নালাগে। মোক মোৰ ছোৱালীজনীক লাগে”।

Sunday, March 18, 2018

অসমত উদ্যোগ টিকিব নোৱাৰে কিয়?



আমি অসমৰ মানুহে প্ৰায়েই আক্ষেপ কৰোঁযে, স্বাধীনতাৰ সাতটা দশকৰ পাছতো অসম উদ্যোগীকৰণত ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতকৈ পিছ পৰি থাকিল। বৃটিছৰ সময়তে আৰম্ভ কৰা চাহ, তেল আৰু কয়লা আদি প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ কেইটাহে এতিয়ালৈ কিছু পৰিমাণে সন্তোষজনকভাৱে চলি আছে। স্বাধীনতাৰ পাছত অসম চৰকাৰৰ উদ্যোগত যিবোৰ উদ্যোগৰ স্থাপনা হৈছিল সেইবোৰৰ সৰহভাগেই বন্ধ হৈ গৈছে আৰু চলি থকা বোৰৰো বৰ্তমান মৃতপ্ৰায় অৱস্থা বুলিব পাৰি। এসময়ত খুব ভাল উত্পাদন কৰি যথেষ্ট বজাৰ দখল কৰা উদ্যোগসমূহতো কালক্ৰমত তলা ওলমিল। বন্ধ হোৱা উদ্যোগসমূহৰ কৰ্মচাৰীসকলৰ হাহাকাৰ লাগিল। যোৱা প্ৰায় ডেৰ বছৰ ধৰি বন্ধ হৈ থকা নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ নাজল নাথল অৱস্থাৰ বিষয়ে সংবাদ মাধ্যমত, বিশেষকৈ বৈদ্যুতিন মাধ্যমত বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছিল। নগাওঁ কাগজ কলৰ এজন দুৰ্ভগীয়া কৰ্মচাৰীয়ে আত্মহননৰো প্ৰয়াস কৰাৰ বাতৰি পৰিৱেশিত হৈছিল।

দেশৰ এচুকত অৱস্থিত হোৱা বাবে আৰু ৰাজনৈতিক সদিচ্ছাৰ অভাৱত স্বাধীনতাৰ পাছৰে পৰা অসম আন্ত:গাঁথনি উন্নয়নত দেশৰ আন বহুতো ৰাজ্যতকৈ পিছ পৰি থাকিল। ৰাজ্যখনত প্ৰচুৰ প্ৰাকৃতিক সম্পদ, সহজলভ্য পানী, সুন্দৰ জলবায়ু আৰু পৰ্যাপ্ত মানৱ সম্পদ থকাৰ স্বত্বেও বিজুলী শক্তি, পৰিবহন আদিৰ দুৰৱস্থাৰ কাৰণে উদ্যোগপতিসকলে বেচৰকাৰী খণ্ডত অসমত বৃহৎ উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহ নেদেখুৱালে। চৰকাৰেও ৰঙা ফিটাৰ মেৰপাকৰ বেষ্টনীৰ পৰা ওলাই আহি উদ্যোগ স্থাপনৰ কাৰণে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বিশেষ প্ৰয়াস নকৰিলে। চৰকাৰী উদ্যোগত কিছুমান উদ্যোগ স্থাপন কৰা হ’ল যদিও আঙুলিৰ মূৰত লেখিব পৰা দুই এটা উদ্যোগৰ বাহিৰে বাকী প্ৰায় সকলো উদ্যোগৰে কালক্ৰমত তথৈবচ অৱস্থা হ’ল। অসম চৰকাৰে স্থাপন কৰা ৪২ টাকৈ উদ্যোগ বন্ধ হৈ গ’ল। যোৱা ১৮ ফেব্ৰুৱাৰী তাৰিখে নিউজ লাইভ টেলিভিছন চেনেলত প্ৰচাৰিত হোৱা হোমেন বৰগোহাঞি ছাৰৰ লগত  কথা-বাৰ্তা অনুস্থানত মই ছাৰৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলোঁ। এইখিনিতে প্ৰশ্ন হয়, অসমত চৰকাৰী প্ৰচেষ্টাত স্থাপন হোৱা উদ্যোগসমূহ টিকিব নোৱাৰে কিয়?

যিকোনো এটা উদ্যোগ জীয়াই থাকিবলৈ হ’লে উদ্যোগ পৰিচালনাত ব্যৱসায়িক দৃষ্টিভংগীৰ প্ৰয়োজন হয়। কিন্তু মন কৰিবলগীয়া কথাযে স্বাধীন ভাৰতত চৰকাৰী উদ্যোগত স্থাপন কৰা সৰহভাগ উদ্যোগৰে মূল উদ্দেশ্য কেৱল ব্যৱসায় নাছিল, বৰং বিদেশৰ পৰা দ্ৰব্য আমদানি হ্ৰাস কৰি বিদেশী মুদ্ৰা সঞ্চয় কৰাৰ লগতে নিবনুৱাৰ সংস্থাপনতহে অধিক গুৰুত্ব দিয়া হৈছিল। ব্যৱসায়িক স্বাৰ্থই প্ৰয়োজনীয় গুৰুত্ব নোপোৱাৰ ফলত এই উদ্যোগসমূহৰ পৰিচালনাত বিভিন্ন সময়ত ন্যস্তস্বাৰ্থজড়িত মহলৰ অহেতুক হস্তক্ষেপ আৰম্ভ হ’ল। শাসনাধিস্থ প্ৰতিটো দলেই ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ ল’লে। অসম চৰকাৰৰ উদ্যোগসমূহতো ৰাজনৈতিক নেতা, পালিনেতাৰ দপদপনি চলিবলৈ ধৰিলে। শাসনাধিস্থ দলৰ যিবোৰ নেতাই মন্ত্ৰীপদ নাপালে, তেওঁলোকক উদ্যোগৰ পৰিচালক মণ্ডলীত অন্তৰ্ভূক্ত কৰা হ’ল, কিছুমানক অধ্যক্ষও নিয়োগ কৰা হ’ল। উদ্যোগসমূহত প্ৰয়োজনতকৈ কেইবাগুণো বেছি বিষয়া শ্ৰমিক নিয়োগ কৰা হ’ল। শ্ৰমিক-কৰ্মচাৰী নিয়োগতো ৰাজনৈতিক আশীৰ্বাদপুষ্ট প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পালে। উদ্যোগৰ লগত জড়িত ঠিকা-ঠুকলি আৰু সামগ্ৰী যোগানৰ কামবোৰতো ৰাজনৈতিক হস্তক্ষেপ চলিল। পৰিচালনাত সংঘটিত হৈ থকা ব্যাপক দুৰ্নীতি, স্বজনতোষণে উদ্যোগসমূহৰ ব্যৱসায়িক স্বাৰ্থত আঘাট হানিলে। এইবোৰ কাৰণতে ৰাজহুৱা খণ্ডত স্থাপন কৰা উদ্যোগসমূহ ক্ৰমাৎ নিশকতীয়া হ’বলৈ ধৰিলে।

১৯৯২ চনৰ পৰা ভাৰতীয় অৰ্থনীতিয়ে সংৰক্ষিত ৰূপ সলাই মুক্ত অৰ্থনীতিৰ পিনে গতি কৰাৰ পাছত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কেইবাটাও ৰাজহুৱা খণ্ডৰ উদ্যোগে বজাৰ দখল কৰাৰ বাবে বহুৰাষ্ট্ৰীয় আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰৰ লগত ফেৰ মাৰিবলগীয়া হ’ল। কিন্তু অদক্ষ পৰিচালনাৰ বাবে ইতিমধ্যে কোঙা হৈ পৰা ৰাজহুৱা খণ্ডৰ সৰহভাগ উদ্যোগে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ অপাৰগ হ’ল। পৰিৱৰ্তিত পৰিস্থিতিত চৰকাৰেও ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহলৈ পূৰ্বৰে পৰা আগবঢ়াই অহা সহায়-সহযোগিতা কমাই আনিলে। এনেবোৰ কাৰণতে সৰহভাগ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল। অসমত স্থাপিত ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানসমূহেও লাহে লাহে অৱক্ষয়ৰ গৰাহত পৰিল।

এইবোৰ উমৈহতীয়া কাৰণৰ উপৰিও অসমত চৰকাৰী উদ্যোগসমূহ তিস্থিব নোৱৰাৰ এটা মুখ্য কাৰণ হ’ল উদ্যোগৰ বাবে অনুকূল পৰিৱেশৰ অভাৱ। কেইবা দশকজুৰি অসমক উগ্ৰপন্থীৰ কাৰ্যকলাপে প্ৰভাৱান্বিত কৰি আহিছে। ভয় আৰু আতংকৰ পৰিৱেশত ঔদ্যোগিক কাম কাজ চলিব নোৱাৰে। অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ৰাজহুৱা প্ৰতিস্থানসমূহেও উগ্ৰপন্থী আক্ৰমণৰ সম্ভাৱনাৰ লগত যুঁজি থাকিবলগীয়া হৈছে। তদুপৰি সন্ত্ৰাসবাদীয়ে বিভিন্ন সময়ত বন্দুকৰ নলী টোঁৱাই, বিষয়া কৰ্মচাৰীক অপহৰণ কৰি ধন দাবী কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে। অসমত কৰ্মৰত চাহ ব্যৱসায়ী সুৰেন্দ্ৰ পাল, ৰাছিয়ান অভিযন্তা চাৰ্গেই গ্ৰেটচেংকো, সমাজ কৰ্মী সঞ্জয় ঘোষ আদিয়ে উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অসমৰ বহুতো ঠাইত বোমা বিষ্ফোৰণত  শিশু আৰু মহিলাকে ধৰি বহুতো নিৰীহ লোকে মৃত্যুক সাৱটি লৈছে। প্ৰশাসন আৰু আৰক্ষী যন্ত্ৰই এই অপৰাধসমূহত জড়িত ব্যক্তিক বিচাৰি উলিয়াই উচিত শাস্তি বিহিব পৰা নাই। এনে পৰিৱেশত উদ্যোগ তিস্থি থকাটো সহজসাধ্য নহয়।

উগ্ৰপন্থীৰ উপৰিও অসমত ব্যৱসায়ীৰ পৰা বিভিন্ন কাৰণত ধন আৰু অন্যান্য সা-সুবিধা দাবী কৰা অসংখ্য দল সংগঠন আছে। প্ৰাক্তন উগ্ৰপন্থী বা আত্ম সমৰ্পনকাৰী উগ্ৰপন্থীৰ সুকীয়া সংগঠন আছে। বহুতো ঠাইত একোটা  দলে গাৰ জোৰেৰে সামগ্ৰী যোগান, ঠিকা ঠুকলি আদিত দাদাগিৰী কৰি উপৰঞ্চি কমিছন আদায় কৰি আছে। এনে দল সংগঠনৰ ভিতৰত অসমৰ জাতীয় সংগঠন বুলি দাবী কৰা বিয়াগোম সংগঠনো আছে। অসম আন্দোলনৰ সময়ৰ পৰা আৰম্ভ হোৱা কিছুমান দল-সংগঠনৰ এনে মইমতালি আজিও অক্ষুন্ন আছে। এনে সংগঠনবোৰক সন্তুষ্ট কৰি নাৰাখিলে সৰু ডাঙৰ কোনো ব্যৱসায়িক প্ৰতিস্থান অসমত তিস্থি থাকিব নোৱাৰে। একোটা শক্তিশালী সংগঠনৰ ৰোষত পৰি ৰাতিৰ ভিতৰতে টালি টোপোলা বান্ধি ব্যৱসায়িক গোষ্ঠীয়ে পলায়ন কৰিবলগীয়া কেইবাটাও ঘটনা সংঘটিত হৈছে। কেইবাটাও প্ৰভাৱশালী সংগঠনক নিয়মীয়াকৈ সাপ্তাহিক বা মাহেকীয়া গুণ্ডাকৰ দি ব্যৱসায়ীয়ে মেনেজ কৰিবলগীয়া হয়। ইয়াৰ উপৰিও অসংখ্য সংগঠনৰ বিভিন্ন অনুষ্ঠান, উত্সৱ – পাৰ্বনত ব্যৱসায়িক গোষ্ঠীয়ে দান বৰঙণি দি থাকিবলগীয়া হয়। মনকৰিবলগীয়াযে এই গুণ্ডাকৰ আৰু দান বৰঙণিৰ বোজা অৱশেষত সাধাৰণ মানুহেই বৰ্ধিত সামগ্ৰীৰ মূল্যৰ ৰূপত ভৰিবলগীয়া হয়।

অসমত থকাৰ দৰে ভাৰতৰ কোনো ৰাজ্যতে হয়তো ইমান দল সংগঠন নাই। কেৱল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতে সৰু বৰ দুশৰো অধিক দল সংগঠন আছে। প্ৰায়ে দেখা যায়যে এনে বুজনসংখ্যক সংগঠনে গণতান্ত্ৰিক অধিকাৰৰ আচিলাত উদ্যোগ বা ব্যৱসায়িক প্ৰতিস্থানক বিভিন্ন কাৰণত আন্দোলন আৰু বন্ধৰ ভাবুকি দি ব্যতিব্যস্ত কৰি ৰাখে। ব্যৱসায়িক প্ৰতিস্থানসমূহৰ পৰা কিছু আৰ্থিক সাহাৰ্য আৰু কিছুমান সা-সুবিধা লোৱাৰ এক সহজ উপায় হৈ পৰিছে এনে তথাকথিত গণতান্ত্ৰিক আন্দোলনবোৰ। প্ৰায়বোৰ উদ্যোগ বা ব্যৱসায়িক প্ৰতিস্থানে নিজৰ কাম কাজ চলাই যোৱাৰ স্বাৰ্থতে এনে সংগঠনবোৰৰ লগত বুজা পৰাৰ লেন দেন কৰিবলৈ বাধ্য হয়। বিনিময়ত সংগঠনবোৰে লাভ কৰে সহজ ধন ঘটাৰ উপায়।

অতি পৰিতাপৰ কথাযে অসমৰ উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিস্থানসমূহৰ ওপৰত চলি থকা বিভিন্ন দল সংগঠনৰ দৌৰাত্ম দেখিও প্ৰশাসন আৰু আৰক্ষীয়ে নেদেখাৰ ভাও জোৰে। ৰাজনৈতিক সদিচ্ছাৰ অভাৱতে উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিস্থানসমূহৰ নগুৰ-নাকতি কৰা সকলৰ ওপৰত ব্যৱস্থা ল’বলৈ আৰক্ষীয়ে ইতস্তত: কৰে। অতি পৰিতাপৰ কথাযে সংবাদ মাধ্যমে উদ্যোগপতি বা ব্যৱসায়িক গোষ্ঠীক সদায় লুণ্ঠনকাৰীৰ ৰূপত উপস্থাপন কৰাৰ বাবে সাধাৰণ মানুহেও প্ৰকৃত সত্যৰ বাচ বিচাৰ নকৰি প্ৰতিবাদকাৰীসকলৰ পক্ষত অৱস্থান কৰে। প্ৰায়েই দেখা যায়যে আইন ভংগ কৰা সকলৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা ল’লেও, তেনে ব্যৱস্থা লোৱা আৰক্ষী বিষয়াজনহে চৰকাৰৰ ৰোষত পৰে আৰু তেওঁৰ নিলম্বন বা বদলি হৈ যায়। আৰক্ষী আৰু প্ৰশাসনক শক্তিশালী কৰিবলৈ হ’লে তেওঁলোকৰ আইন সংগত কাৰ্যত ৰাজনৈতিক হস্তক্ষেপ বন্ধ হ’ব লাগিব।

যিখন ঠাইত সাধাৰণ মানুহে প্ৰশাসন আৰু আৰক্ষীলৈ ভয় নকৰে, আইন বিৰুদ্ধ কাম কৰিলেও শাস্তিৰ সন্মুখীন নহয়, সেইখন ঠাইত কোনো উদ্যোগ বা ব্যৱসায়িক প্ৰতিস্থান তিস্থি থকাটো অসম্ভৱ। অসমত এতিয়া পৰিস্থিতি ইমানেই শোচনীয় হৈছেযে চলি থকা উদ্যোগসমূহো বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। নিতৌ বিভিন্ন বন্ধ, বিক্ষোভৰ কাৰ্যসূচীয়ে উদ্যোগ বা ব্যৱসায়িক প্ৰতিস্থানসমূহৰ স্বাভাৱিক কাম কাজত বাধাৰ সৃষ্টি কৰিছে। উদ্যোগ বা ব্যৱসায়িক প্ৰতিস্থান চলি থাকিবলৈ আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল শান্তি-শৃংখলাৰ পৰিৱেশ। সেইদৰে ব্যৱসায়িক লাভ নহ’লে কোনো উদ্যোগে দীৰ্ঘদিন ধৰি চলি থাকিব নোৱাৰে আৰু সেই হেতুকে উদ্যোগ এটাৰ ওপৰত সকলো পক্ষৰ অহেতুক হস্তক্ষেপ বন্ধ হ’ব লাগে। যিহেতু ৫ কোটি টকাতকৈ অধিক লাভ অৰ্জন কৰা প্ৰতিটো উদ্যোগেই সামাজিক দ্বায়বন্ধতা আঁচনিৰ আধাৰত লাভৰ ২% ধন সামাজিক কাম কাজত খৰছ কৰিবলৈ বাধ্য, সেয়েহে উদ্যোগক ব্যৱসায়িক কাম কাজ চলিবলৈ সকলোৱে সহযোগ কৰা উচিত। উদ্যোগসমূহক সঠিকভাৱে চলিবলৈ নিদিয়াৰ বাবেই অসমত ৰাজহুৱা খণ্ডত স্থাপিত হোৱা উদ্যোগবোৰ টিকিব নোৱাৰিলে। এই পৰিৱেশ সলনি নহ’লে নতুন বিনিয়োগকাৰী অহতো দূৰৰে কথা চলি থকা উদ্যোগসমূহেও কাম কাজ বন্ধ কৰিবলৈ বাধ্য হ’ব।

Wednesday, March 14, 2018

ষ্টিফেন হকিং: বিপৰ্যয়ৰ পৰা বিজয়লৈ



বিশ্ববিদ্যালয় আৰু গৱেষণাগাৰৰ পৰিধি নেওচি সাধাৰণ মানুহৰ হৃদয় ষ্পৰ্শ কৰা বিশ্বৰ তিনিজন বৈজ্ঞানিকৰ নাম ল’বলগীয়া হ’লে আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ পিছতে নি:সন্দেহে আহিব ষ্টিফেন হকিঙৰ নাম। মানুহৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ লগতে পৃথিৱী আৰু অন্তৰীক্ষৰ বিষয়ে সাধাৰণ মানুহক কৌতূহলী কৰি তোলাত ষ্টিফেন হকিঙৰ সমকক্ষ কোনো নাই। ১৯৮৮ চনত প্ৰকাশিত তেওঁৰ “A Brief History of Time” নামৰ কিতাপখনে বিশ্বজুৰি কিতাপ বিক্ৰীৰ অভিলেখ গঢ়িছে। বিজ্ঞানক সহজ সৰল ভাষাৰে মানুহৰ মাজলৈ লৈ যোৱাত আজিৰ সময়ত তেওঁৰ তুলনা নাই। অথচ এই মহান বৈজ্ঞানিকজনে জীৱনৰ অধিকাংশ সময় হাত ভৰি আৰু শৰীৰৰ অংগ প্ৰত্যংগ লৰচৰ কৰিব নোৱাৰি হুইল ছেয়াৰত বহি কটাইছিল।

১৯৬২ চনত মাত্ৰ বাইছ বছৰ বয়সতে Amyotropic Lateral Sclerosis (ALS)  নামৰ এক দুৰাৰোগ্য ব্যাধিৰ দ্বাৰা তেওঁ আক্ৰান্ত হৈছিল। এই বেমাৰটোৰ কাৰণে লাহে লাহে তেওঁ এটা এটাকৈ শৰীৰৰ অংগ প্ৰত্যংগ লৰচৰ কৰিব নোৱৰা হৈছিল। সেইসময়ত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অন্তৰীক্ষ বিজ্ঞানৰ ছাত্ৰ আৰু গৱেষক আছিল। তেওঁৰ বেমাৰটোৰ কাৰণে ডাক্তৰে তেওঁক মাত্ৰ দুবছৰমান জীয়াই থাকিব বুলি কৈছিল। কিন্তু সকলোকে আচৰিত কৰি ষ্টিফেন হকিঙে তেওঁক পংগু কৰি পেলোৱা এটা দুৰাৰোগ্য ব্যাধি শৰীৰত লৈ বেমাৰটো আৰম্ভ হোৱাৰ পাছত আধা শতিকাৰো অধিক কাল জীয়াই থাকিল আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা, গৱেষণা কৰি গ’ল, লিখি উলিয়ালে কেইবাখনো অমূল্য গ্ৰন্থ। যোৱা ১৪ মাৰ্চ তাৰিখে পুৱতি নিশা এই মহান বৈজ্ঞানিকজনে কেম্ব্ৰিজত থকা নিজা বাসভৱনত শোৱাপাটীত পৰি থাকোঁতে ইহলীলা সম্বৰণ কৰে।

ষ্টিফেন হকিঙে শাৰীৰিক বিপৰ্যয়ৰ সন্মুখত আত্ম-সমৰ্পন নকৰি সুদীৰ্ঘ সময় ধৰি কৰ্মব্যস্ত জীৱন কটাই প্ৰমাণ কৰি থৈ হ’লযে দৃঢ় ইচ্ছা শক্তি আৰু মনৰ বল থাকিলে কোনো বিপৰ্যয়ে মানুহক টলাব নোৱাৰে। লাহে লাহে শৰীৰৰ সকলো অংগ প্ৰত্যংগ অসাৰ হৈ পৰা ষ্টিফেন হকিঙে শেষৰ বছৰ কেইটাত মাথোন চকুৰ মণি আৰু গালখনহে অলপ অচৰপ লৰচৰ কৰিব পাৰিছিল। তেনে অৱস্থাতো সক্ৰিয় হৈ থাকিবলৈ তেওঁক সহায় কৰিছিল তেওঁৰ চকুৰ মণি আৰু গালৰ লৰচৰৰ যোগেদি মনৰ ভাব প্ৰকাশ কৰিবলৈ সুবিধা কৰি দিয়া অত্যাধুনিক কম্পিউটাৰে। ১৯৮৫ চনতে বাকশক্তি হেৰুৱাই পেলোৱা বৈজ্ঞানিকজনে কম্পিউটাৰৰ যান্ত্ৰিক কণ্ঠৰ দ্বাৰাই কথোপকথন কৰিছিল। কেৱল চকুৰ মণি আৰু গালৰ সীমিত সঞ্চালন কৰিয়েই তেওঁ লিখি উলিয়াইছিল এখনৰ পাছত এখনকৈ কেইবাখনো সুখপাঠ্য অমূল্য গ্ৰন্থ। শিশুৰ বাবে তেওঁ জীয়ৰী লুচিৰ লগত লিখি উলিয়াইছিল বিজ্ঞান ভিত্তিক শিশু গ্ৰন্থ। কেৱল বৈজ্ঞানিক হিচাপেই নহয়, এজন মানৱ হৈতিষী দাৰ্শনিকৰ ৰূপত অৱতীৰ্ণ হৈ ষ্টিফেন হকিঙে ভৱিষ্যতে মানুহৰ কল্যাণৰ বাবে কেইবাটাও বহুমূলীয়া উপদেশ আগবঢ়াইছিল। বৈজ্ঞানিকজনে অনুমান কৰিছিলযে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশ আৰু অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিয়ে কেই শ মান বছৰৰ ভিতৰতে পৃথিৱীখন ধ্বংস কৰিব। সেয়েহে মানৱজাতি বাচি থাকিবলৈ হ’লে আন কোনোবা গ্ৰহ বা উপগ্ৰহত মানুহে বাসস্থান সাজিবই লাগিব বুলি তেওঁ মন্তব্য কৰিছিল। অন্তৰীক্ষৰ কৃষ্ণ গহ্বৰৰ গৱেষণাত জীৱনৰ অধিক সময় পাৰ কৰা বৈজ্ঞানিকজন হাস্যৰসৰো থুনপাক আছিল। কঠোৰ শাৰীৰিক প্ৰত্যাহ্বান নেওচিও সৰস মন্তব্যৰে মানুহক আকৰ্ষিত কৰা আৰু হাঁহিমুখে থকা ষ্টিফেন হকিঙে সকলোকে আচৰিত কৰিছিল।

প্ৰায় ওৰেটো জীৱন হুইল ছেয়াৰত অসাৰ দেহটো লৈ পৰি থাকিও কেৱল মগজুৰ তীক্ষ্ন বুদ্ধিমত্তাৰে ষ্টিফেন হকিঙে বিজ্ঞান আৰু মানৱজাতিলৈ অতুলনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। শাৰীৰিকভাৱে তীব্ৰ প্ৰত্যাহ্বান হাঁহিমুখে গ্ৰহণ কৰি কৰ্মব্যস্ত জীৱন কটোৱা তেওঁৰ অসাধাৰণ জীৱন পৰিক্ৰমাই মানুহক হতচকিত কৰি আহিছে। জীৱিত কালতে কিম্বদন্তি হৈ পৰা ষ্টিফেন হকিঙৰ দৰে মহাপুৰুষৰ জীৱন কাহিনীয়ে বহুতো বিপৰ্যস্ত মানুহক জীৱন যুঁজত জয়ী হোৱাৰ নতুন পথ দেখুৱাব। তেওঁৰ জীৱনে আমাক শিকনি দিয়েযে, প্ৰবল আত্মবিশ্বাস আৰু মানসিক বলে মানুহক বিপৰ্যয়ৰ পৰা বিজয়লৈ ধাবিত কৰিব পাৰে।


এই মাটিতে – জীয়া বাস্তৱৰ ছবি



ইউ টিউবত চিনেমাখনৰ ট্ৰেইলাৰ চায়েই চমকি উঠিছিলোঁ। গা সিৰসিৰাই গৈছিল। চিনেমাৰ পৰ্দাত ৰূঢ় বাস্তৱক ইমান জীৱন্ত ৰূপত কমেইহে দেখা যায়। এনে লাগিছিল, এই ছবিখনে অসমীয়া ছবিজগততে নহয়, সমগ্ৰ ভাৰতৰ ছবিজগতত আলোড়নৰ সৃষ্টি কৰিব। বিশ্বৰ কথাছবি মহোত্সৱবোৰত এনেবোৰ বাস্তৱ সত্য নঙঠাকৈ উপস্থাপন কৰা ছবিবোৰেই সৰ্বোচ্চ খিতাপ আজুৰি আনে।

চিনেমাখনৰ প্ৰযোজক আৰু পৰিচালক হিচাপে ড˚ সীতানাথ লহকৰ ছাৰৰ নামটো দেখি মনটো ভাল লাগি গৈছিল। তাহানিতে কটন কলেজত ছাৰে আমাক উচ্চ গণিতৰ ক্লাছ লৈছিল। পঢ়াই থাকোঁতেও নাটকীয় ভংগীত সংলাপৰ দৰে নিক্ষেপ কৰা ছাৰৰ কথাবোৰে আমাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। ছাত্ৰ অৱস্থাতে অনুমান কৰিব পাৰিছিলোঁ ছাৰৰ সিৰাই সিৰাই নাটকৰ তেজ প্ৰবাহিত হৈছিল। ছাৰে নাটকৰ লগত বহুদিন ধৰি লাগি থকাৰ কথাও জানো। কিন্তু চিনেমা নিৰ্মাতা স্বৰূপে ছাৰৰ নামটো প্ৰথমবাৰৰ বাবে চকুত পৰিল।

চিনেমাখনৰ নাম “এই মাটিতে”। মাটিৰ লগতে সদায় সম্পৰ্ক স্থাপন হয় মানুহৰ জীৱনৰ। মৰণৰ পাছতো মাটিয়েই সামৰি লয়। এই মাটিতে চলি থকা এক ভয়ংকৰ সামাজিক ব্যাধি হ’ল ডাইনী হত্যা। সঘনে বাতৰি কাকতৰ শিৰোনাম দখল কৰে অসমৰ বিভিন্ন অঞ্চলত সংঘটিত হৈ থকা ডাইনী হত্যাৰ খবৰবোৰে। সেই বাতৰিবোৰে মানুহৰ মনত অনুকম্পা জগাই তোলে, হয়তো বহুতৰে হৃদয়ো জোকাৰি যায়। কিন্তু সাধাৰণ মানুহে এই সামাজিক দুস্কৃতি ৰোধ কৰাৰ বাবে কোনো উপায় বিচাৰি নাপায়। বহুতেই হয়তো ডাইনী হত্যা বিষয়টোকে পিছপৰা অঞ্চলত ঘটি থকা সাধাৰণ ঘটনা বুলিও আওকাণ কৰে।

‘এই মাটিতে’ ছবিখনৰ জৰিয়তে ড˚ সীতানাথ লহকৰ ছাৰে ডাইনী হত্যাৰ দৰে ষ্পৰ্শকাতৰ বিষয়টোক অদম্য সাহসেৰে চিনেমাৰ পৰ্দাত ডাঙি ধৰিলে আৰু এই সামাজিক অপকৰ্ম ৰোধ কৰাৰ বাবে উপায় দেখুৱালে। ২০০৮ চনতে তেওঁ লিখা ‘তমসা’ নামৰ নাটক এখনতো এই বিষয়টো অতি সবল ৰূপত প্ৰস্তুত কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁ এই বিষয়টোক লৈ এখন চিনেমা নিৰ্মাণ কৰাৰ সপোন দেখিছিল। কিন্তু বাস্তৱ প্ৰতিফলিত কৰা কথাছবি নিৰ্মাণ কৰিবলৈ অসমৰ প্ৰযোজকৰ অভাৱ। সেয়েহে লহকৰ ছাৰে তেওঁৰ গাঁঠিৰ ধন ভাঙি, পৰিবাৰৰ অৱসৰৰ সময়ত লাভ কৰা সমস্ত ধন খৰছ কৰি সমাজক এটা বাৰ্তা দিয়াৰ লগতে ডাইনী হত্যাৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে এই ছবিখন নিৰ্মাণ কৰি উলিয়াইছে।

কেইদিনমান আগতে দুলীয়াজানৰ জালনী ক্লাব আৰু দুলীয়াজান ক্লাব দুয়োটাতে এই ছবিখন প্ৰদৰ্শন কৰা হৈছিল। লহকৰ ছাৰ সপত্নীক প্ৰদৰ্শনৰ সময়ত উপস্থিত আছিল। বহু বছৰৰ মূৰত ছাৰক দেখা পোৱাৰ লগতে কথা পতাৰ সৌভাগ্য হ’ল। ছাৰৰ লগত বহি একেলগে চিনেমাখন উপভোগ কৰোঁতে পৰ্দাত স্কুল শিক্ষক বাগ্ৰা বসুমতাৰীৰ ভুমিকাত তেওঁৰ অনবদ্য অভিনয় দেখি ৰোমাঞ্চিত হৈ উঠিছিলোঁঅতি সাৱলীল ভাৱে ক্ষিপ্ৰতাৰে গতি কৰা চিনেমাৰ ঘটনাৱলীয়ে মনটো কাঢ়ি নিছিল  নিষ্ঠুৰ বাস্তৱৰ কিছুমান ছবিয়ে বুকু কঁপাইছিল।

দেৱযানী ভট্টাচাৰ্য নামৰ মহিলা এগৰাকীয়ে ডাইনী হত্যাৰ বিষয়ে সবিশেষ জানিবলৈ এখন অতি ভিতৰুৱা গাৱঁলৈ গৈছিল। তেওঁ ইতিমধ্যে দাইনী হত্যাৰ বিষয়ে লেখা মেলা কৰি কিছু প্ৰসিদ্ধি লাভ কৰিছিল। সেই সূত্ৰেই তেওঁৰ চিনাকী হৈছিল ডাইনী হত্যা চলি থকা গাওঁ এখনৰ পৰা নিৰ্বাসিত যুৱক বিধানৰ লগত। বিধানৰ আগ্ৰহত তেওঁ উপস্থিত হৈছিল অতি আওহতীয়া, গাড়ী মটৰ নচলা ভিতৰুৱা জনজাতীয় গাঁওত। সেইখন গাঁওত আৰক্ষীৰ সহায় লবলৈ গৈ তেওঁ আৱিষ্কাৰ কৰিছিলযে তাত আৰক্ষী বিষয়াও পূৰ্বৰ সন্ত্ৰাসবাদী, ঘোচখোৰ ঠিকাদাৰ, ৰাজনৈতিক নেতা সকলোৰে হাতৰ পুতলা। তেওঁৰ বাবে আৰক্ষীয়ে থকাৰ ঠাই ঠিক কৰি দিছিল গাৱঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক বাগ্ৰা বসুমতাৰীৰ ঘৰত। বাগ্ৰা বসুমতাৰীয়ে নিজেও অক্লান্তভাৱে ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দি আছিলদেৱযানীয়ে লগ পাইছিল ডাইনী হত্যাৰ বিৰুদ্ধে মহিলাসকলক সচেতন কৰিবলৈ চেষ্টা কৰি থকা সমাজ সচেতন মহিলা সুভদ্ৰাক। কিন্তু এটা দুষ্ট চক্ৰই অন্ধ বিশ্বাস আৰু কু-সংস্থাৰে আৱৰি ৰখা গাঁৱৰ মানুহক ডাইনীৰ ভয় দেখুৱাই নিজৰ অভিষ্ট সিদ্ধি কৰি আছিল। এজন ভুৱা বেজৰ হতুৱাই দুখীয়া দৰিদ্ৰ মানুহক ডাইনী সজাই হত্যা কৰি তেওঁলোকৰ ঘৰ মাটি দখল কৰাৰ চক্ৰান্তৰে সংঘটিত হৈছিল এটাৰ পাছত এটাকৈ নিৰ্মম হত্যাকাণ্ড। গাঁৱৰ এচাম প্ৰভাৱশালী লোকে নিজৰ কুকৰ্ম ঢাকিবলৈ আৰু ডাইনী হত্যাৰ বিৰোধিতা কৰা কণ্ঠ ৰোধ কৰিবলৈও ভুৱা বেজজনৰ হতুৱাই মিছাকৈ মানুহক ডাইনী সজাই গাঁৱৰে এচাম মানুহক প্ৰৰোচিত কৰি নৃশংসভাৱে হত্যা কৰাই আছিলদেৱযানীয়ে এই যুঁজত সাৰথি হিচাপে পাইছিল বাগ্ৰা বসুমতাৰীৰ পুতেক সম্বৰক সম্বৰৰ লগত হিয়া দিয়া নিয়াৰ পৰিনতিত দেৱযানীয়ে সম্বৰৰ লগত যুগ্ম জীৱনো আৰম্ভ কৰিছিল। কিন্তু  অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ কৰাল গ্ৰাসৰ পৰা দেৱযানীয়ে পতি সম্বৰকো ৰক্ষা কৰিব নোৱাৰিলে। সম্বৰেও এচাম লোকৰ প্ৰৰোচনাত দেৱযানীক ডাইনী বুলি সন্দেহ কৰিলেগাঁৱৰ দুষ্ট চক্ৰটোৱে দেৱযানীক ডাইনী সজাই তাইৰ ওপৰত নৃশংস অত্যাচাৰ কৰিলে। কিন্তু তেওঁ অদম্য সাহসেৰে যুঁজা  দেৱযানীৰ কথা জানিব পাৰি ওচৰৰ কলেজৰ শিক্ষক ছাত্ৰ ছাত্ৰীৰ দল আগবাঢ়ি আহিল। দাইনী সজাই দেৱযানীৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰৰ ভিডিঅ’ ছ’ছিয়েল মেডিয়াত ভাইৰেল হৈ নিয়পি পৰিল টেলিভিছনৰ যোগেদিও যথেষ্ট গণ জাগৰণৰ সৃষ্টি হ’ল। শেষত অসমৰ জাতীয় আৰু ছাত্ৰ সংগঠনৰ নেতাসকলেও ডাইনী হত্যা ৰোধ কৰাৰ বাবে ওলাই আহিল। এক নতুন আশাৰ সৃষ্টি হ’ল। সদৌ শেষত দেৱযানীৰ সদ্যজাত পুত্ৰৰ মাজেৰে পৰিৱৰ্তনৰ এক নতুন সূচনাৰ ইংগিতেৰে কাহিনীটোৰ সমাপ্তি হৈছে। থুলমুলকৈ চিনেমাখনৰ কাহিনী এইখিনিয়েই।

এইখন ড° সীতানাথ লহকৰ ছাৰৰ পৰিচালিত প্ৰথম চিনেমা। ছাৰে যথেষ্ট দক্ষতাৰে কঠিন বাস্তৱৰ দৃশ্যসমূহ পৰ্দাত ডাঙি ধৰিছে। নিজে মৰ্মষ্পৰ্শী অভিনয় কৰাৰ লগতে পৰিচালকে প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ পৰা অনবদ্য অভিনয় আদায় কৰিছে। মুখ্য নাৰী চৰিত্ৰ দেৱযানীৰ ভূমিকাত নবাগতা মণিষা গোস্বামীৰ অভিনয় শলাগিবলগীয়া। লগতে ড° অমৰজ্যোতি চৌধুৰী, ৰূপম চেতিয়া, মীনা ইংতি, জন নাৰ্জাৰী, জিনা ৰাজকুমাৰী আদিয়েও অতি সাৱলীল অভিনয় কৰিছে। বিভূৰঞ্জন চৌধুৰীৰ সংগীত আকৰ্ষণীয় হৈছে। লহকৰ ছাৰে চিনেমাখনৰ চিত্ৰনাট্য ৰচনা কৰাৰ উপৰিও গীতো ৰচনা কৰিছে।

সমাজৰ বাবে এটা অতি আৱশ্যকীয় বাৰ্তা প্ৰেৰণ কৰিবলৈ নিৰ্মাণ কৰা ‘এই মাটিতে’ চিনেমাখন মনোৰঞ্জনধৰ্মী চিনেমা নহয়। কিছুমান দৰ্শকে আশা কৰা ধৰণৰ সস্তীয়া আমোদো ছবিখনত নাই। ছবিখনত আছে বাস্তৱৰ এখন জীয়া ছবি। সেই বাস্তৱে সচেতন আৰু সংবেদনশীল দৰ্শকৰ মনত খলকনি তোলাৰ লগতে নতুন চিন্তাৰ খোৰাক দিব।

আমি সাধাৰণতে সমাজৰ একোটা জীয়া সমস্যাৰ কথা সকলো জানিও চকু মুদি থাকোঁ। ডাইনী হত্যাৰ ভয়াবহতাৰ বিষয়ে আমি কেতিয়াও উপলব্ধি নকৰোঁ। কিন্তু এই বিষয়টোক সাধাৰণ দৰ্শকৰ মাজলৈ নি এক সামাজিক পৰিৱৰ্তনৰ বাবে ড° সীতানাথ লহকৰ ছাৰৰ এই প্ৰয়াস নি:সন্দেহে শলাগিবলগীয়া। কিন্তু অতি পৰিতাপৰ কথাযে লহকৰ ছাৰে অতি কষ্টেৰে, নিজৰ সৰ্বস্ব ত্যাগ কৰি নিৰ্মাণ কৰা চিনেমাখনে কথাছবিগৃহত দৰ্শকৰ সঁহাৰি নাপালে। বহুতো মানুহে চিনেমাখন কেতিয়ানো আহি গুচি গ’ল গমকে নাপালে। লহকৰ ছাৰৰ এই অতুলনীয় প্ৰয়াস দৰ্শকৰ চকুতেই নপৰিল।

অসমীয়া ভাষাত বাস্তৱমুখী আৰু সমাজৰ জীয়া ছবি ডাঙি ধৰা চিনেমাৰ বৰ অভাৱ। ড° ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ পাছত কলাসুলভ চিন্তাকৰ্ষক ছিৰিয়াছ চিনেমা নিৰ্মাণৰ প্ৰচেষ্টা তেনেই সীমিত। এনে পৰিস্থিতিত ° সীতানাথ লহকৰৰ এই চিনেমাখনে অসমীয়া চিনেমালৈ এক পৰিৱৰ্তনৰ জোৱাৰ অনাৰ পূৰ্ণ সম্ভাৱনা আছে। বিষয়বস্তুৰ সাৰ্বজনীতাৰ বাবে এই চিনেমাখনে আন্তৰ্জাতিক ক্ষেত্ৰতো সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰিকিন্তু চিনেমা এখনৰ প্ৰকৃত কৃতকাৰ্যতা হ’ল দৰ্শকৰ সঁহাৰি। ‘এই মাটিতে’ চিনেমাখনত থকা বাৰ্তাই কিঞ্চিতমানো যদি ডাইনীৰ বিষয়ে অন্ধ বিশ্বাসত ডুবি থকা মানুহখিনিক সচেতন কৰিব পাৰে, সেয়া সমাজৰ বাবে ডাঙৰ উপকাৰ হ’ব। চিনেমাখনে আমাৰ পিছপৰা সমাজখনত ঘটি থকা কথাকাণ্ডবোৰৰ বিষয়ে বিতংকৈ জানিবলৈ সহায় কৰিব। আগন্তুক দিনত এই চিনেমাখনৰ প্ৰতি দৰ্শকৰ সঁহাৰিয়ে চিত্ৰ নিৰ্মাতাক সকাহ দিয়াৰ লগতে ভৱিষ্যতে সমাজৰ বাবে প্ৰয়োজনীয় বিষয়ত চিনেমা নিৰ্মাণ কৰিবলৈ আগ্ৰহী চিত্ৰনিৰ্মাতাক উত্সাহ দিব।

Blog Archive